মঙলবাৰে পুৱা জম্মু-কাশ্মীৰৰ বাডগাম জিলাত সংঘটিত হৈছে ভয়ংকৰ এনকাউণ্টাৰ। এনকাউণ্টাৰত নিহত লস্কৰ-ই-তৈবাৰ দুটা দুধৰ্ষ সন্ত্ৰাসবাদী। ভাৰতীয় সেনা আৰু জম্মু আৰু কাশ্মীৰ আৰক্ষীৰ যৌথ অভিযানত বুডগামৰ ক’ৰ্ট কমপ্লেক্সৰ সমীপত এখন সন্দেহযুক্ত বাহন ৰখাবলৈ চেষ্টা কৰাৰ সময়তে সন্ত্ৰাসবাদীয়ে নিৰাপত্তাৰক্ষীৰ ওপৰত গুলীচালনা কৰে। প্ৰত্যুত্তৰত ভাৰতীয় সেনা আৰু জম্মু আৰু কাশ্মীৰ আৰক্ষীয়ে গুলীয়াই নিহত কৰে দুই সন্ত্ৰাসবাদীক । নিহত দুই নিষিদ্ধ সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবাৰ সদস্য পুলৱামাৰ আৰ্বাজ মিৰ আৰু শ্বাহিদ শ্বেখ বুলি জানিব পৰা গৈছে। এটা এ কে ৰাইফল আৰু এটা পিষ্টল উদ্ধাৰ হৈছে নিহত দুই উগ্ৰপন্থীৰ পৰা।।

You might also like
Leave A Reply

Your email address will not be published.