কেৰেলাত ভয়ংকৰ পথ দুৰ্ঘটনা!

সোমবাৰে পুৱতি নিশা কেৰেলাৰ আম্বালাপ্পুজাৰ ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত মৃত্যু ৫ জন লোকৰ । লোক কেইজনে এখন বাহনত গৈ থকা অৱস্থাত বিপৰীত দিশৰ পৰা অহা এখন ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হয় দুৰ্ঘটনাটো।চাৰিজনৰ থিতাতে মৃত্যু হোৱাৰ বিপৰীতে এজনে চিকিৎসালয়লৈ যোৱাৰ পথত মৃত্যুবৰণ কৰে। মৃতসকল তিৰুৱনন্তপুৰমৰ ইছৰোৰ কেণ্টিনত ঠিকাভিত্তিক কৰ্মচাৰী। দুৰ্ঘটনাগ্ৰস্ত ট্ৰাকখনৰ চালকৰ লগতে আন এজনক কৰায়ত্ত কৰে আৰক্ষীয়ে।।

You might also like
Leave A Reply

Your email address will not be published.