আন্দামান আৰু নিকোবৰৰ ২১টা নামহীন দ্বীপৰ নামাকৰণ!

নেচনেল ডেস্ক:

সোমবাৰে আন্দামান আৰু নিকোবৰৰ ২১টা নামহীন দ্বীপৰ নামাকৰণ। সোমবাৰে পৰাক্ৰম দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পৰমবীৰ চক্ৰ বঁটা বিজয়ীসকলৰ নামেৰে কৰিব আন্দামান আৰু নিকোবৰৰ নামহীন দ্বীপসমূহৰ নামকৰণ। এক প্ৰেছ বিজ্ঞপ্তিযোগে এই কথা সদৰি কৰিছে প্ৰধানমন্ত্ৰী কাৰ্যালয়ে । সোমবাৰে পুৱা ১১ বজাত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে নামকৰণ অনুষ্ঠানত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে। উল্লেখ্য যে, ২৩ জানুৱাৰীত নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্মদিনটো প্ৰতি বছৰে দেশত ‘পৰাক্ৰম দিৱস’ হিচাপে উদযাপিত হৈ আহিছে।।

You might also like
Leave A Reply

Your email address will not be published.