কোকৰাঝাৰবাসীলৈ সুখবৰ!

KMCHলৈ NMCৰ স্বীকৃতি....

নিউজ ডেক্স:

কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয়ক ৰাষ্ট্ৰীয় চিকিৎসা আয়োগে আনুষ্ঠানিকভাৱে স্বীকৃতি প্ৰদান কৰাত চহৰখনত বৈছে আনন্দৰ বন্যা । ৰাষ্ট্ৰীয় চিকিৎসা আয়োগ অৰ্থাৎ এন এম চিৰ অধীনৰ মেডিকেল এছেচমেন্ট এণ্ড ৰেটিং বোৰ্ডে চিঠি নম্বৰ NMC/UG/2023-24/000023/005791ৰ জৰিয়তে কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষলৈ চিকিৎসা মহাবিদ্যালয়খনত ১০০ গৰাকী ছাত্ৰ অধ্যয়ন কৰিব পাৰিব বুলি আনুষ্ঠানিক ভাৱে স্বীকৃতি প্ৰদান কৰিছে৷

২০২৩-২৪ শিক্ষাবৰ্ষত শ্ৰীমন্ত শঙ্কৰদেৱ বিশ্ববিদ্যালয় আৰু স্বাস্থ্য বিজ্ঞানৰ অধীনত ১০০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে নামভৰ্তি কৰিব পৰিব বুলি অনুমোদন জনোৱা হৈছে ৷ উল্লেখ্য যে, ৰাজ্যখনত নতুনকৈ স্থাপন হোৱা নগাঁও, নলবাৰী আৰু কোকৰাঝাৰৰ ভিতৰত প্ৰথমটো অনুমোদন লাভ কৰিলে কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয়ে।কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয়ত ১০০ খন আসনৰ অনুমোদন দিয়াত ৰাজ্যত মেডিকেল কলেজত আসনৰ সৰ্বমুঠ সংখ্যা ১৩০০ খনলৈ বৃদ্ধি পালে।।

You might also like
Leave A Reply

Your email address will not be published.