কৰ্ণাটকৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী ছিদ্দাৰামায়া! কাইলৈ শপতগ্ৰহণ

নেচনেল ডেস্ক:

 

 

 

চাৰি দিনীয়া জল্পনা-কল্পনাৰ অন্ত। কৰ্ণাটকৰ নতুন মুখ্যমন্ত্ৰী হ’ব ছিদ্দাৰামায়া। শীঘ্ৰেই আনুষ্ঠানিকভাৱে ঘোষণা কৰিব কংগ্ৰেছে। ৪ দিন মন্থনৰ অন্তত AICCয়ে ল’লে এই সিদ্ধান্ত। কাইলৈ শপতগ্ৰহণ কৰিব কৰ্ণাটকৰ নতুন চৰকাৰে। মুখ্যমন্ত্ৰী প্ৰত্যাশী কৰ্ণাটক ৰাজ্যিক সভাপতি ডি কে শিৱকুমাৰক গুৰুত্বপূৰ্ণ দপ্তৰৰ সৈতে উপ-মুখ্যমন্ত্ৰী পদ প্ৰদান কৰাৰ সম্ভাৱনা আছে।

উল্লেখ্য যে, কংগ্ৰেছ নেতা ডি কে শিৱকুমাৰ আৰু ছিদ্দাৰামায়াক মুখ্যমন্ত্ৰী পদৰ বাবে বিবেচনাত লৈছিল AICC নেতৃত্বই। ২২৪ জনীয়া কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ ১০ মে’ৰ ভোটগনণাত কংগ্ৰেছে ১৩৫ খন আসন লাভ কৰি নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰিছিল। আনহাতে শাসকীয় বিজেপি আৰু জনতা দল (চেকুলাৰ)এ লাভ কৰিছিল ক্ৰমে ৬৬ আৰু ১৯ খন আসন।।

You might also like
Leave A Reply

Your email address will not be published.