আজি পুনৰ আদালতলৈ ডাঃ সংগীতা দত্ত!

নিউজ ডেস্ক

 

জি পুনৰ আদালতত হাজিৰ কৰোৱা হ’ব ডাঃ সংগীতা দত্তক। দ্বিতীয়বাৰৰ বাবে ৫ দিনৰ আৰক্ষীৰ জিম্মাত আছিল সংগীতা দত্ত। আৰক্ষী জিম্মাৰ ম্যাদ উকলাৰ অন্তত আজি আদালতত হাজিৰ কৰোৱা হ’ব ডাঃ সংগীতাক৷

উল্লেখযোগ্য যে সোমবাৰে সংগীতাৰ স্বামী ডাঃ ৱালিউল ইছলামক ঘৰৰ বনকৰা দুই মহিলাসহ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছিল।

গুৱাহাটীৰ চিকিৎসক দম্পতীৰ বিৰুদ্ধে তুলি লোৱা শিশুক যৌন আতিশয্য,শাৰীৰিক নিৰ্যাতনৰ অভিযোগ উত্থাপন হৈছিল।

ইতিমধ্যে এই ঘটনাক কেন্দ্ৰ কৰি চিকিৎসক দম্পতীৰ লগতে ডাঃ সংগীতাৰ ব্যক্তিগত সহায়িকা উৎপলা বসু আৰু দুগৰাকী আশা কৰ্মীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল।।

You might also like
Leave A Reply

Your email address will not be published.