ডাঃ সৰিতা তছনিৱাল ধৰ্ষণ-হত্যাকাণ্ডৰ চূড়ান্ত ৰায়!

নেচনেল ডেস্ক

 

২০১৪ চনৰ ৮মে’ত সংঘটিত হোৱা ৰাজ্য কঁপোৱা ডাঃসৰিতা তছনিৱাল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান!ডিব্ৰুগড় সত্ৰ ন্যায়াধীশৰ আদালতে দিলে ৰায়। ৮ বছৰ পিছত এই চাঞ্চল্যকৰ হত্যাকাণ্ডৰ চূড়ান্ত ৰায় দিলে আদালতে। ৱাৰ্ড বয় কিৰো মেছক দোষী সাব্যস্ত কৰে আদালতে। অভিযুক্ত ডাঃ দীপমণি শইকীয়াক দোষমুক্ত ঘোষণা। ২০১৪ চনৰ ৯ মে’ত AMCHৰ ICU কক্ষত উদ্ধাৰ কৰা হৈছিল ডাঃ সৰিতা তছনিৱালক। হত্যা কৰি বিচনাত শুৱাই থোৱা হৈছিল সৰিতাক। সৰিতাৰ ডিঙিত সোমাই আছিল অস্ত্ৰোপচাৰ কৰা ছুৰী। হত্যাকাৰী কিৰো মেছৰ ডিঙিতো আছিল আঘাতৰ চিন। আঘাতৰ চিন দেখি কিৰোক আটক কৰিছিল আৰক্ষীয়ে। কিৰো মেছৰ বঙালগাঁৱৰ শহুৰেকৰ ঘৰৰ পৰা জব্দ কৰিছিল সৰিতাৰ মোবাইল ফোন। আনহাতে AMCHৰ পিছফালৰ এখন চাহ বাগানৰ পৰা জব্দ কৰিছিল মোবাইলৰ ছিম।কিৰো মেছৰ স্বীকাৰোক্তিৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হৈছিল সৰিতাৰ সতীৰ্থ ডাঃ দীপমণি শইকীয়াক। সৰিতাক হত্যা কৰাৰ কথা আদালতত স্বীকাৰ কৰিছিল অভিযুক্তই। কাইলৈ ঘোষণা কৰা হ’ব ডাঃ সৰিতা হত্যাত দোষী সাব্যস্ত কিৰো মেছৰ শাস্তি।।

You might also like
Leave A Reply

Your email address will not be published.