নিউজ ডেস্ক :

শ্বহীদ সাংবাদিক, মানৱ অধিকাৰ কৰ্মী, জাতীয় স্বপ্নদ্ৰষ্টা পৰাগ কুমাৰ দাসৰ আজি ২৭ সংখ্যক মৃত্যুবাৰ্ষিকী।১৯৯৬চনৰ ১৭ মে’ত গুৱাহাটীৰ ৰাজগড়ত আততায়ীৰ গুলীত নিহত হৈছিল সাংবাদিক পৰাগ কুমাৰ দাস। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি সাংবাদিকক স্মৰণ কৰা হৈছে।সাংবাদিক পৰাগ কুমাৰ দাসৰ মৃত্যুৰ দিনটোক মানৱ অধিকাৰ সমিতিয়ে প্ৰতিবছৰে শ্বহীদ দিৱস হিচাপে পালন কৰি আহিছে।

‘বুধবাৰ’ নামৰ সাপ্তাহিক কাকতখনৰ জৰিয়তে অসমৰ সাংবাদিকতাত জাতীয়তাবাদৰ নতুন ধাৰাৰ উন্মেষ ঘটোৱা প্ৰয়াত সাংবাদিকগৰাকীয়ে পৰৱৰ্তী সময়ত ‘অসমীয়া প্ৰতিদিন’ কাকতৰ জন্মলগ্নৰে পৰা কাৰ্যবাহী সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

১৯৯৬ চনৰ ১৭ মে’ত তেতিয়াৰ ৰাজগড়স্থিত জাতীয় বিদ্যালয়ৰ পৰা পুত্ৰ ৰোহনক আনিবলৈ যাওঁতে আততায়ীৰ ২৩ জাই গুলীয়ে থকাসৰকা কৰিছিল সাংবাদিক পৰাগ কুমাৰ দাসক। শূন্য দূৰত্বৰ পৰা চাৰিজনীয়া আততায়ীৰ দলে গুলীয়াই হত্যা কৰিছিল আপোচহীন সাংবাদিক গৰাকীক। আততায়ীৰ আক্ৰমণত পুত্ৰ ৰোহনো আহত হৈছিল।

পৰিতাপৰ কথা যে মৃত্যুৰ ২৭ বছৰেও চিনাক্ত ন’হল পৰাগ দাসৰ হত্যাকাৰী।আজিও ক্ষুদ্ধ পৰাগ হত্যাৰ ন্যায়প্ৰাপ্তিৰ পৰা বঞ্চিত তেওঁৰ পৰিয়ালৰ লগতে অসংখ্য গুণমুগ্ধ।২৭ সংখ্যক মৃত্যু তিথিত শ্বহীদ সাংবাদিক গৰাকীক শ্ৰদ্ধাৰে স্মৰণ কৰিছো NEBharat24 পৰিয়ালেও।।

You might also like
Leave A Reply

Your email address will not be published.