মাজ সাগৰত অঘটন!

জাহাজত থকা ৩৯ জন ক্ৰু সদস্য সন্ধানহীন

ইণ্টাৰনেচনেল ডেস্ক:

মাজ সাগৰত অঘটন! চীনৰ মাছ ধৰা জাহাজ ডুবিল ভাৰত মহাসাগৰত।

জানিব পৰা মতে, চীনৰ শ্বানডং প্ৰদেশৰ পেংলাই জিংলু ফিচাৰি কো: লিমিটেডৰ মালিকানাধীন মাছ ধৰা জাহাজ “লুপেং ইউয়ানিউ ০২৮” ডুব যায় ভাৰত মহাসাগৰত। জাহাজত থকা ৩৯ জন ক্ৰু সদস্য সন্ধানহীন । সন্ধানহীন ক্ৰু সদস্য সকলৰ ১৭ জন চীনৰ, ১৭ জন ইণ্ডোনেছিয়াৰ আৰু ৫ জন ফিলিপাইনছৰ বুলি জানিব পৰা গৈছে।

ইফালে, জীৱিত লোকৰ সন্ধানত সকলো প্ৰচেষ্টা চলাবলৈ নিৰ্দেশ দিছে ৰাষ্ট্ৰপতি ছি জিনপিঙে। সংশ্লিষ্ট দেশসমূহক এই দুৰ্ঘটনাৰ বিষয়ে অৱগত কৰিছে চীনৰ সামুদ্ৰিক অনুসন্ধান আৰু উদ্ধাৰ কেন্দ্ৰই।।

You might also like
Leave A Reply

Your email address will not be published.