গাজাৰ চিকিৎসালয়ত এয়াৰষ্ট্ৰাইক!

গাজাৰ চিকিৎসালয়ত এয়াৰষ্ট্ৰাইক!

ইণ্টাৰনেচনেল ডেস্ক:

মানবতাৰ বধ্যভূমিত পৰিনত হৈছে মধ্যপ্ৰাচ্য। গাজা চহৰৰ এখন চিকিৎসালয়ত মঙলবাৰে সংঘটিত হোৱা এক প্ৰচণ্ড বিস্ফোৰণত নিহত হয় পাঁচ শতাধিক নিৰিহ লোক। আল-আহলি হাস্পতালৰ ওপৰত সংঘটিত হোৱা আক্ৰমণত নিহত হোৱা সকলৰ ভিতৰত আছে শিশু-মহিলা। দক্ষিণ গাজাৰ চহৰসমূহৰ ওচৰত বোমাবৰ্ষণ তীব্ৰতৰ কৰাৰ পিছত ইজৰাইলে সুৰক্ষিত স্থানত আশ্ৰয় ল’বলৈ নিৰ্দেশ দিয়া সাধাৰণ নাগৰিকসকলক জোকাৰি যায় এই বিস্ফোৰণে।

ইফালে বিস্ফোৰণৰ পিছতে ঘটনাটোৰ বাবে ইজৰাইল আৰু হামাছ দুয়ো পক্ষই পৰস্পৰক দোষাৰোপ কৰা পৰিলক্ষিত হৈছে। ইজৰাইলে এয়াৰ ষ্ট্ৰাইক সংঘটিত কৰা বুলি অভিযোগ উত্থাপন কৰে হামাছে। ইয়াৰ বিপৰীতে ইজৰাইলে এই ঘটনাত নিজকে জড়িত থকাৰ কথাটো অস্বীকাৰ কৰি কয় যে পেলেষ্টাইনী ৰকেট লক্ষ্যভ্ৰষ্ট হোৱাৰ বাবে সংঘটিত হয় এই ঘটনাটো।

ইফালে যুদ্ধ বিধ্বস্ত গাজাৰ পৰা হাজাৰ হাজাৰ লোক ইজিপ্তলৈ পলায়ন কৰিবলৈ সমবেত হৈছে সীমান্তৱৰ্তী চহৰ ৰাফাত। গাজাত সাহায্য প্ৰদান আৰু আৱদ্ধ বিদেশী পাছপ’ৰ্টধাৰী শৰণাৰ্থীসকলক বাহিৰলৈ ওলাই যাবলৈ দিয়াৰ বাবে হেঁচা প্ৰয়োগ কৰি আছে মধ্যস্ততাকাৰীসকলে।।

You might also like
Leave A Reply

Your email address will not be published.