গুৰুগ্ৰামত গেংষ্টাৰৰ অট্টালিকাত প্ৰশাসনৰ বুলড’জাৰ!

নেচনেল ডেস্ক:

হাৰিয়ানাৰ গুৰুগ্ৰামত গেংষ্টাৰৰ কেইবামহলীয়া অট্টালিকাত চলিল প্ৰশাসনৰ বুলড’জাৰ। আৰাৱলিৰ পাদদেশত ১.৭৫ একৰতকৈ অধিক মাটিত নিৰ্মিত গেংষ্টাৰ চুবে গুজ্জাৰৰ ৪ মহলীয়া অট্টালিকাটো শুকুৰবাৰে ভাঙি ভূপতিত কৰে আৰক্ষীয়ে। উল্লেখ্য যে, গুৰুগ্ৰামত প্ৰথমবাৰৰ বাবে কোনো গেংষ্টাৰৰ সম্পত্তি ভাঙি পেলোৱা এইটো প্ৰথম ঘটনা।

গুৰগাঁও, মীৰাট, ৰেৱাৰী, পালৱাল আৰু দিল্লীত হত্যা, ধন দাবী আৰু অস্ত্ৰ আইনৰ অধিনত ৪২টা অপৰাধমূলক গোচৰত জড়িত গেংষ্টাৰ সুবে গুজ্জাৰ। বিগত বৰ্ষৰ মে’ মাহৰ পৰা কুখ্যাত গেংষ্টাৰটো গ্ৰেপ্তাৰ হৈ ভণ্ডসী কাৰাগাৰত কৰাবাস খাটি আছে।

ইফালে অট্টালিকাটো কোনো অনুমোদন বা অনুমতি অবিহনে এটা কৃষি অঞ্চলত অবৈধভাৱে নিৰ্মাণ কৰা হৈছে বুলি সদৰি কৰে জিলা নগৰ পৰিকল্পনাকাৰী সঞ্জয় কুমাৰে । ইয়াৰ বিপৰীতে গেংষ্টাৰটোৰ আত্মীয়ই প্ৰশাসনে কোনো আগতীয়া জাননী নিদিয়াকৈয়ে অট্টালিকাটো ভাঙি দিয়া বুলি অভিযোগ কৰে।।

You might also like
Leave A Reply

Your email address will not be published.