গ্ৰেটাৰ নয়ডাত ভয়ংকৰ অগ্নিকাণ্ড!

নেচনেল ডেস্ক:

উত্তৰ প্ৰদেশৰ গ্ৰেটাৰ নয়ডাত ভয়ংকৰ অগ্নিকাণ্ড। শনিবাৰে গ্ৰেটাৰ নয়ডাৰ বিছৰাখ অঞ্চলৰ শ্বাহবেৰীত অৱস্থিত এটা ছয় মহলীয়া অট্টালিকাৰ বেছমেণ্টত সংঘটিত হয় অগ্নিকাণ্ডটো। অগ্নিকাণ্ড সংঘটিত হোৱাৰ পিছতে অগ্নিনিৰ্বাপক বাহিনী আৰু স্থানীয় আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান চলাই অট্টালিকাটোৰ পৰা ৫০ জন লোকক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰে। অগ্নিকাণ্ডত কোনো লোক আহত হোৱাৰ খবৰ পোৱা নাই। অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই।।

You might also like
Leave A Reply

Your email address will not be published.