ঘোষণা হ’ল মেট্ৰিক পৰীক্ষাৰ ফলাফল

পুৱা ১০ বজাৰ লগে লগে SEBAই ঘোষণা কৰিলে ফলাফল

নিউজ ডেস্ক:

ঘোষণা হ’ল মেট্ৰিক পৰীক্ষাৰ ফলাফল। পুৱা ১০ বজাৰ লগে লগে SEBAই ঘোষণা কৰিলে ফলাফল। ১০টাকৈ ৱেবছাইটত ঘোষণা কৰা হৈছে মেট্ৰিকৰ ফলাফল। মুঠ ৪ লাখ ২২ হাজাৰ ১৭৪ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল পৰীক্ষাত। ৯১২টাকৈ পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হৈছিল মেট্ৰিক পৰীক্ষা। প্ৰথম স্থানত জিলিকিল শোণিতপুৰৰ হৃদম ঠাকুৰীয়া।হৃদমে লাভ কৰিছে মুঠ ৫৯৬ নম্বৰ। দ্বিতীয় স্থান দখল কৰিছে মুঠ চাৰিগৰাকীকৈ শিক্ষাৰ্থীয়ে ।নগাঁও চৰকাৰী গভৰ্ণমেণ্ট বয়জ এইচ এছ স্কুলৰ ইছৰত ফাৰিহা।নলবাৰীৰ আনন্দ বিদ্যা নিকেতনৰ লাকী দেৱী চৌধুৰী আৰু মনমিতা শৰ্মা ।আৰু ছেইণ্ট যোছেফ স্কুল সোণাৰিৰ আদিত্য অনুপম কোঁৱৰ। আটাইকেইগৰাকীয়ে লাভ কৰিছে ৫৯৩ নম্বৰকৈ।ডুমনি চকী ইংলিছ স্কুলৰ নিলোফাৰ ৰহমানে লাভ কৰিছে তৃতীয় স্হান ।তৃতীয় স্থানত জিলিকিল দুমুনীচকী ইংলিছ স্কুল, দৰঙৰ নিলুফাৰ ৰহমান, আদৰ্শ বিদ্যাপীঠ, ভোলাগুৰি, গোলাঘাটৰ অনিন্দিতা বৰা আৰু শংকৰদেৱ শিশু নিকেতন, বাহাৰঘাটৰ মৃগাংক ভট্টাচাৰ্য। আটাইকেইগৰাকীয়ে লাভ কৰিছে ৫৯২ নম্বৰকৈ। চতুৰ্থ স্থান লাভ কৰিছে মুঠ ৭গৰাকীকৈ শিক্ষাৰ্থীয়ে। ছেন্ট টেৰেছা ইংলিছ মিডিয়াম স্কুল জুবিয়াৰ ইছলাম, বঞ্চিত চৌধুৰী শংকৰদেৱ শিশু নিকেতন , ঋতুপৰ্ণ দাস, হলিক্ৰছ স্কুলৰ ছিনম জয়ফাবী চানু, লিটিল ফ্লাৱাৰ স্কুল, ডিব্ৰুগড়ৰ দেৱাংগনা ডেকা, ছেন্ট জেবিয়াছ স্কুল দুলীয়াজানৰ স্বাতী কিৰণ গগৈ, সোণাপুৰ ফুকুৰীয়া হাইস্কুলৰ ৰাজীৱ পল, ছেন্ট মেৰিজ স্কুল গুৱাহাটীৰ আদিতী ভূঞা, আটাইকেইগৰাকীয়ে লাভ কৰিছে মুঠ ৫৯১নম্বৰকৈ।পঞ্চম স্থান লাভ কৰিছে মুঠ ৫গৰাকীকৈ শিক্ষাৰ্থীয়ে। কিন্নৌৰী দত্ত ( ছেন্ট মেৰিজ স্কুল লখিমপুৰ, সুস্মিতা ফুদ্দাৰ ক্ৰিছ জ্যেতি স্কুল নগাঁও, নিলোৎপল মণ্ডল শংকৰদেৱ শিশু নিকেতন আমোলাপট্টী, উৎপল পৰাশৰ জাতীয় বিদ্যালয়, কাহিলীপাৰা, আনন্দ জৈন হেপি চাইল্ড স্কুল গুৱাহাটী, আটাইকেইগৰাকীয়ে লাভ কৰিছে মুঠ ৫৯০ নম্বৰ। ষষ্ঠ স্থান লাভ কৰিছে ৬গৰাকী শিক্ষাৰ্থীয়ে। নিকুঞ্জ হাজৰিকা আনন্দ বৰুৱা একাডেমী হাইস্কুল, অক্সয় কায়ল ডনবস্ক এইছ এছ স্কুল ডিব্ৰুগড়, সংন্দিতা দাস শংকৰদেৱ শিশু নিকেতন, বোকা, সাতগাঁও ৰশ্মিতা মহন্ত লিটিল ফ্লাৱাৰ নলবাৰী, চন্দনা কৌৰ ছেন্ট মেৰিজ স্কুল, গুৱাহাটী, অন্তৰা মুবাছহিৰা হক অসম জাতীয় বিদ্যালয়, নুনমাটীৰ। আটাইকেইগৰাকীয়ে লাভ কৰিছে ৫৮৯ নম্বৰকৈ। সপ্তম স্থান- লাভ ৬গৰাকী শিক্ষাৰ্থী। প্লাৱিতা দাস (শংকৰদেৱ শিশুনিকেতন , বাঘমৰা ৫৮৮),পিযুষ নাথ ( শংকৰদেৱ শিশু নিকেতন ভৱানীপুৰ, ৫৮৮), প্ৰতীক্ষা প্ৰীয়ম মহন্ত (ডনবস্ক দেৰগাঁও, ৫৮৮), সুদৰ্শনা ভূঞা ( টিয়ক জাতীয় বিদ্যালয়, ৫৮৮),নিচান্ত বৰা ( ৰামানুজন চিনিয়ৰ চেকেণ্ডাৰী স্কুল নগাঁও, ৫৮৮),জোনাক কাশ্যপ ( ডুমডুমা হায়াৰ চেকেণ্ডাৰী বিদ্যাপীঠ, শোণিতপুৰ, ৫৮৮), অষ্টম স্থান- লাভ ১০ গৰাকীকৈ শিক্ষাৰ্থী- নিচান্ত লহকৰ ( আনন্দ ৰাম বৰুৱা একাডেমী, বৰপেটা, ৫৮৭), ইপাশ্ৰী ঘোষ ( মাৰিয়াম হাইস্কুল বৰপেটা, ৫৮৭),ফাৰহান আছিফ আৰবিয়া ( ব্ৰহ্মপুত্ৰ জাতীয় বিদ্যালয়, ধুবুৰী, ৫৮৭),চাহিল চিদ্দিক ( জে এন মেমৰিয়েল আগিয়া, ৫৮৭), অৰ্ণৱ জ্যোতি দাস( শংকৰদেৱ বিদ্যা নিকেতন, ৰামদিয়া, ৫৮৭), কুলদ্বীপ হাজৰিকা ( ধলপুৰ উঃমাঃ বিদ্যালয়স ৫৮৭), ৰাজদ্বীপ কলিতা (লুইত একাডেমী নলবাৰী, ৫৮৭), সাৰাংগনা ভূঞা ( গহপুৰ হায়াৰ চেকেণ্ডাৰী, ৫৮৭), পাৰ্থ প্ৰতীম ভূঞা( মৰ্ণিং ষ্টাৰ হাইস্কুল বিশ্বনাথ , ৫৮৭), জিষ্ণু বৰগোঁহাই ( সাপেখাইতী উঃমাঃ বিদ্যালয়, ৫৮৭), নৱম স্থান লাভ ১১গৰাকীকৈ শিক্ষাৰ্থীয়ে। ৰিতাজা দেৱ ( শিলচৰ কলেজিয়েত স্কুল, ৫৮৬),দিক্ষীতা ভট্টাচাৰ্য ( হলিক্ৰছ এইছ এছ স্কুল , ৫৮৬), নাছাত ফাৰহা ( দলগাঁও আঞ্চলিক জাতীয় বিদ্যালয়, ৫৮৬), বনশ্ৰী গগৈ ( লিটিল ফ্লাৱাৰ ডিব্ৰুগড়, ৫৮৬),সুকন্যা দাস ( ৰলেঞ্চ মেমৰিয়েল হাইস্কুল, কৰিমগঞ্জ, ৫৮৬), পুলক জজো(ব্ৰুকফিল স্কুল, লখিমপুৰ, ৫৮৬), অংকিতা শইকীয়া (ছেন্টমেৰিজ স্কুল লখিমপুৰ, ৫৮৬), বিপাশা শৰ্মা ( অসম একাডেমী নলবাৰী, ৫৮৬), ঋষিকেশ কলিতা (লিটিল ফ্লাৱাৰ নলবাৰী, ৫৮৬), আনন্দিতা শইকীয়া ( হলিনেম স্কুল শিৱসাগৰ, ৫৮৬), বৰশ বৰ্ষা চেতিয়া ( শংকৰদেৱ শিশু নিকেতন, শিমলুগুৰী, ৫৮৬), দশম স্থান-লাভ ৭গৰাকীকৈ শিক্ষাৰ্থীয়ে। ৰজত ঘোচ (ক্ৰিচ কিং হাইস্কুল গোগামুখ, ৫৮৫), প্ৰিনিস্থা বৰা (ক্ৰিছজ্যোতি বোকাখাত, ৫৮৫), বিপাংশী ডেকা ( প্ৰায়নিঅ একাডেমী , কামৰূপ গ্ৰাম্য, ৫৮৫), প্ৰজ্ঞান শৰ্মা ( বিবেকানন্দ বিদ্যা নিকেতন, টিহু, ৫৮৫), অচ্যুত বৰুৱা (বিদ্যাভৱন শিৱসাগৰ, ৫৮৫), নীলাভ পাঠক( অসম জাতীয় বিদ্যালয় নলবাৰী, ৫৮৫),ঋতুৰাজ বৰকাটকী ( মৰাণ হায়াৰ চেকেণ্ডাৰী স্কুল ৫৮৫) ।

You might also like
Leave A Reply

Your email address will not be published.