চাৰিবাৰৰ ৰাষ্ট্ৰীয় বঁটা বিজয়ী, বলিউডৰ বিশিষ্ট কলা নিৰ্দেশক নীতিন দেশাইক মৃত অৱস্থাত উদ্ধাৰ!

প্ৰাৰম্ভিক খবৰ অনুসৰি বিশিষ্ট কলা নিৰ্দেশকগৰাকীয়ে আত্মহত্যা কৰা বুলি সন্দেহ কৰা হৈছে

এণ্টাৰটেইনমেণ্ট ডেস্ক:

চাৰিবাৰৰ ৰাষ্ট্ৰীয় বঁটা বিজয়ী, বলিউডৰ বিশিষ্ট কলা নিৰ্দেশক নীতিন দেশাইক মুম্বাইৰ উপকণ্ঠৰ কাৰ্জাটৰ নিজৰ এন ডি ষ্টুডিঅ’ত মৃত অৱস্থাত উদ্ধাৰ। ৫৭ বছৰীয়া বিশিষ্ট কলা নিৰ্দেশকগৰাকীৰ মৃত্যুৰ কাৰণ সন্দৰ্ভত এতিয়াও সবিশেষ ব্যক্ত কৰা নাই আৰক্ষীয়ে। অৱশ্যে প্ৰাৰম্ভিক খবৰ অনুসৰি বিশিষ্ট কলা নিৰ্দেশকগৰাকীয়ে আত্মহত্যা কৰা বুলি সন্দেহ কৰা হৈছে।

শ্ৰেষ্ঠ কলা নিৰ্দেশনাৰ বাবে চাৰিবাৰকৈ ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত হৈছিল নীতিন দেশাই। বলীউডৰ দুটা দশকজোৰা কেৰিয়াৰত আশুতোষ গোৱৰিকাৰ, বিধু বিনোদ চোপ্ৰা, সঞ্জয় লীলা ভাঞ্চালীকে ধৰি বিখ্যাত পৰিচালকৰ সৈতে কাম কৰিছিল নীতিন দেশায়ে । তেওঁ কলা নিৰ্দেশনা কৰা কেইখনমান উল্লেখযোগ্য ছবি ‘হম দিল দে চুকে সনাম’, ‘দেৱদাস’, ‘যোধা আকবৰ’, ‘লগান’, ‘ওৱান্স আপন এ টাইম ইন মুম্বাই’, ‘বাজিৰাও মস্তানী’ আদি। কলা নিৰ্দেশক হিচাপে তেওঁৰ শেষ কাম আছিল আশুতোষ গোৱাৰিকাৰৰ ২০১৯ চনৰ মুক্তিপ্ৰাপ্ত ছবি ‘পানীপাট’। হলিউডৰ সন্মানীয় আৰ্ট ডাইৰেক্টৰছ গিল্ড ফিল্ম ছ’চাইটি আৰু আমেৰিকান চিনেমেথেকেও তেওঁক কাৰ্মৰাজিৰ বাবে সন্মানিত কৰিছিল ।।

You might also like
Leave A Reply

Your email address will not be published.