গৰমৰ প্ৰকোপত পুনৰ সলনি বিদ্যালয়ৰ পাঠদানৰ সময়!

কাইলৈৰ পৰা মহানগৰৰ শিক্ষানুষ্ঠানত ৭.৩০ বজাৰ পৰা আৰম্ভ হ’ব পাঠদান

নিউজ ডেস্ক:

গৰমৰ প্ৰকোপত পুনৰ বিদ্যালয়সমূহত পাঠদানৰ সময়সীমা পুনৰ সলনি। কাইলৈৰ পৰা মহানগৰৰ শিক্ষানুষ্ঠানত ৭.৩০ বজাৰ পৰা আৰম্ভ হ’ব পাঠদান। প্ৰাথমিক পৰ্যায়ত পাঠদানৰ সময় পুৱা ৭.৩০-১২ বজালৈ নিৰ্ধাৰণ। মাধ্যমিক পৰ্যায়ত ৭.৩০-১ বজালৈ নিৰ্ধাৰণ। প্ৰচণ্ড গ্ৰীষ্ম প্ৰবাহৰ বাবে এই সিদ্ধান্ত কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ। জিলা আয়ুক্তৰ পৰামৰ্শ মৰ্মে নিৰ্দেশনা জাৰি IS দিপীকা চৌধুৰীৰ। কামৰূপ মহানগৰৰ সকলো শিক্ষানুষ্ঠানৰ বাবে প্ৰযোজ্য হ’ব এই নিৰ্দেশনা। ১৫ আগষ্ট পৰ্যন্ত বাহাল থাকিব এই নিৰ্দেশনা।।

You might also like
Leave A Reply

Your email address will not be published.