দিছপুৰ, ২৩ অক্টোবৰ: মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত আজি দিছপুৰৰ লোকসেৱা ভৱনত অনুষ্ঠিত ৰাজ্যিক কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। সাংস্কৃতিক ক্ষেত্ৰৰ সন্মান প্ৰদানৰ পৰা আৰম্ভ কৰি ৰাজ্যিক অসামৰিক বঁটাপ্ৰাপকৰ নাম চূড়ান্ত কৰা, উদ্যোগ স্থাপনৰ বাবে বিনিয়োগত অনুমোদন আৰু স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনী বিধি সংশোধনলৈকে বিভিন্ন বিষয়ত সিদ্ধান্ত গ্ৰহণ কৰে ৰাজ্য চৰকাৰে।
আজিৰ কেবিনেটৰ অন্যতম গুৰুত্বপূৰ্ণ সিদ্ধান্ত হৈছে ভাৰতৰত্ন সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ সন্মানাৰ্থে নতুন বঁটা প্ৰৱৰ্তন আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বঁটাৰ ধনৰাশি বৃদ্ধি। একেদৰে ২০২৫ বৰ্ষৰ ৰাজ্যিক অসামৰিক বঁটাপ্ৰাপকৰ নামো চূড়ান্ত কৰা হৈছে।
ভাৰতৰত্ন ড° ভূপেন হাজৰিকা বঁটা প্ৰৱৰ্তন
সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ অনন্য অৱদানৰ প্ৰতি সন্মান জনাই অসম চৰকাৰে ‘ভাৰতৰত্ন ড° ভূপেন হাজৰিকা বঁটা’ প্ৰৱৰ্তনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই বঁটা প্ৰতি তিনি বছৰৰ মূৰে মূৰে সংগীত, কলা অথবা চলচ্চিত্ৰ জগতৰ এগৰাকী ৰাষ্ট্ৰীয় বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বিশিষ্ট ব্যক্তিক প্ৰদান কৰা হ’ব।
বঁটাটোৰ সৈতে থাকিব ১০ লাখ টকাৰ নগদ ধন আৰু এখন প্ৰশস্তি-পত্ৰ। কেবিনেটৰ সিদ্ধান্ত অনুসৰি, এই সন্মানীয় বঁটাৰ প্ৰথমগৰাকী প্ৰাপক হিচাপে নিৰ্বাচিত হৈছে যশস্বী গায়িকা ঊষা মংগেশকাৰ।
উল্লেখযোগ্য যে, ড° ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উদযাপনৰ সামৰণি অনুষ্ঠান অহা ২৯ নৱেম্বৰত নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত হ’ব। এই অনুষ্ঠানতে বঁটা প্ৰদানৰ কাৰ্যসূচী অনুষ্ঠিত হ’ব বুলি জানিব পৰা গৈছে।
অসমীয়া সংগীত, সাহিত্য, চলচ্চিত্ৰ আৰু সংস্কৃতিক ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিষ্ঠা কৰাত ড° ভূপেন হাজৰিকাৰ অৱদান অতুলনীয়। তেওঁৰ নামত এই বঁটা প্ৰৱৰ্তনৰ জৰিয়তে সংগীত, কলা আৰু চলচ্চিত্ৰ জগতৰ বিশিষ্ট ব্যক্তিসকলক সন্মান জনোৱাৰ লগতে সুধাকণ্ঠৰ সাংস্কৃতিক অৱদানক অধিক ব্যাপকভাৱে স্মৰণ কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে।

আজিৰ কেবিনেট বৈঠকত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বঁটাৰ ধনৰাশি ১৫ লাখ টকালৈ বৃদ্ধি কৰাৰ সিদ্ধান্তও গ্ৰহণ কৰা হয়। পূৰ্বৰ ধনৰাশি বৃদ্ধি কৰি এই সন্মানীয় বঁটাৰ মৰ্যাদা অধিক শক্তিশালী কৰাৰ পদক্ষেপ লৈছে ৰাজ্য চৰকাৰে।
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ধৰ্মীয়, সামাজিক, সাহিত্যিক আৰু সাংস্কৃতিক অৱদান অসমৰ জাতীয় জীৱনৰ অবিচ্ছেদ্য অংগ। মহাপুৰুষজনাৰ আদৰ্শ আৰু কৰ্মৰাজিক সন্মান জনোৱাৰ ক্ষেত্ৰত এই বঁটাই বিশেষ গুৰুত্ব বহন কৰি আহিছে।
ৰাজ্যিক অসামৰিক বঁটা ২০২৫ৰ প্ৰাপকসকলৰ নাম চূড়ান্ত
২০২৫ বৰ্ষৰ ৰাজ্যিক অসামৰিক বঁটাপ্ৰাপকসকলৰ নামো আজিৰ কেবিনেটে চূড়ান্ত কৰে। অহা ডিচেম্বৰ মাহত অনুষ্ঠিত হ’বলগীয়া এক অনুষ্ঠানত নিৰ্বাচিত বিশিষ্ট ব্যক্তিসকলক এই বঁটাসমূহ প্ৰদান কৰা হ’ব।
অসম সৌৰভ বঁটা:
এইবাৰ অসম সৌৰভ বঁটাৰ বাবে নিৰ্বাচিত হৈছে চাৰিগৰাকী বিশিষ্ট ব্যক্তি।
ড° কুশল কোঁৱৰ শৰ্মা — বন্যপ্ৰাণী বিশেষজ্ঞ।
নুৰউদ্দিন আহমেদ — কলা নিৰ্দেশক।
পুলক বেনাৰ্জী — কণ্ঠশিল্পী।
ড° পূৰ্ণিমা দেৱী বৰ্মন — হাড়গিলা সংৰক্ষণকৰ্মী।
বিভিন্ন ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে এই ব্যক্তিসকলক ৰাজ্যৰ অন্যতম সন্মানীয় অসামৰিক বঁটাৰে বিভূষিত কৰা হ’ব।
অসম গৌৰৱ বঁটা:
অসম গৌৰৱ বঁটাৰ বাবে এইবাৰ নিৰ্বাচিত হৈছে ব্যক্তি, সংস্থা আৰু উদ্যোগকে ধৰি মুঠ ১৩ গৰাকী বা প্ৰতিষ্ঠান। তেওঁলোক হৈছে—
দেৱীপ্ৰসাদ বাগ্ৰোদিয়া — সমাজকৰ্মী।
হলিচৰণ নাৰ্জাৰী — ফুটবল খেলুৱৈ।
চিমু দাস — ক্ৰিকেট তাৰকা।
হৰকান্ত বসুমতাৰী — তৈল খেজুৰ খেতিয়ক।
ধনজিৎ তালুকদাৰ — সাঁচিপাত সংৰক্ষণকৰ্মী।
নিবেদিতা য়েইন — খাদ্য আৰু পৰ্যটন উদ্যোগী।
মায়ংক চক্ৰৱৰ্তী — দবা খেলুৱৈ।
জিতেন ফাংছ’ — আদা খেতিয়ক।
তনুমায়া সোণাৰ বিশ্বকৰ্মা — দুগ্ধ পালন।
দিকপাল লাহন — ভ্ৰমণ আৰু পৰ্যটন।
কলং কপিলী — বেচৰকাৰী সংস্থা।
পদুম পথাৰ এগ্ৰ’ অৰ্গেনিক প্ৰডিউচাৰ কোম্পানী লিমিটেড — কৃষক উৎপাদক সংস্থা।
কৃষি, পশুপালন, পৰ্যটন, ক্ৰীড়া, কলা আৰু সমাজসেৱাৰ দৰে বিভিন্ন ক্ষেত্ৰত অৱদান আগবঢ়োৱা ব্যক্তিসকলক এই বঁটাৰ বাবে নিৰ্বাচিত কৰাটোৱে ৰাজ্যৰ বহুমুখী প্ৰতিভাক স্বীকৃতি প্ৰদানৰ দিশটো প্ৰতিফলিত কৰিছে।
খনিজ নিয়ন্ত্ৰণৰ সংশোধনী নিয়মাৱলীত অনুমোদন
খনিজ নিয়ন্ত্ৰণ সম্পৰ্কীয় নিয়মাৱলী সংশোধনৰ প্ৰস্তাৱতো আজিৰ কেবিনেটে অনুমোদন জনায়। কেবিনেটৰ সিদ্ধান্ত অনুসৰি, ‘অসম খনিজ নিয়ন্ত্ৰণ আৰু ডিলাৰ (সংশোধনী) নিয়মাৱলী, ২০২০’ সংশোধন কৰি ‘অসম খনিজ নিয়ন্ত্ৰণ আৰু ডিলাৰ (সংশোধনী) নিয়মাৱলী, ২০২৬’ৰ অধিসূচনাত অনুমোদন জনোৱা হয়।
ৰঙিয়াত ৩০৩.৬৯ কোটি টকাৰ বিনিয়োগ
ৰাজ্যত উদ্যোগ স্থাপন আৰু কৰ্মসংস্থাপনৰ সুযোগ বৃদ্ধিৰ ক্ষেত্ৰতো আজিৰ কেবিনেটে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। কামৰূপ জিলাৰ ৰঙিয়াত উদ্যোগ স্থাপনৰ বাবে মেচাৰ্ছ বীটেক প্লাষ্টিক প্ৰাইভেট লিমিটেডে (ৱেলস্পান গ্ৰুপ) আগবঢ়োৱা বিনিয়োগৰ প্ৰস্তাৱত অনুমোদন জনায় ৰাজ্য চৰকাৰে।
প্ৰস্তাৱ অনুসৰি, প্ৰতিষ্ঠানটোৱে ৰঙিয়াত উদ্যোগ স্থাপনৰ বাবে ৩০৩.৬৯ কোটি টকা বিনিয়োগ কৰিব। এই উদ্যোগটো স্থাপন হ’লে প্ৰায় ৩০০ জন লোকৰ সংস্থাপনৰ সুযোগ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে।
নৱেম্বৰৰ ভিতৰত স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ আহ্বান
মিচিং স্বায়ত্তশাসিত পৰিষদ আৰু সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন সম্পৰ্কীয় বিধি সংশোধনতো আজিৰ কেবিনেটে আনুষ্ঠানিক অনুমোদন প্ৰদান কৰে।
কেবিনেটে মিচিং স্বায়ত্তশাসিত পৰিষদ (নিৰ্বাচন) বিধি, ২০২৫ আৰু সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদ (নিৰ্বাচন) বিধি, ২০১০ সংশোধনৰ প্ৰস্তাৱত অনুমোদন জনায়। লগতে নৱেম্বৰ মাহৰ ভিতৰত দুয়োখন স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে ৰাজ্যিক নিৰ্বাচন আয়োগক আহ্বান জনাইছে ৰাজ্য চৰকাৰে।