অৰুণাচল প্ৰদেশ, ২৪ অক্টোবৰ: অৰুণাচল প্ৰদেশৰ পাছিঘাটত প্ৰস্তাৱিত ১১,০০০ মেগাৱাটৰ ছিয়াং আপাৰ মাল্টিপাৰপাছ প্ৰজেক্টক কেন্দ্ৰ কৰি ২৩ অক্টোবৰত পৰিস্থিতি উত্তপ্ত হৈ পৰে। প্ৰকল্পটোৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা লোকসকলে আটকাধীন কৰ্মীসকলৰ মুক্তি, ছিয়াং অঞ্চলৰ পৰা নিৰাপত্তা বাহিনী প্ৰত্যাহাৰ আৰু প্ৰকল্পটোৰ প্ৰাক্-সম্ভাৱ্যতা প্ৰতিবেদন প্ৰস্তুতৰ বাবে চলোৱা জৰীপৰ কাম বন্ধ কৰাৰ দাবী জনায়।
প্ৰাপ্ত তথ্য অনুসৰি, প্ৰতিবাদৰ মাজতে পাছিঘাটত ৰাষ্ট্ৰীয় জলবিদ্যুৎ নিগমৰ এটা কাৰ্যালয়ত অগ্নিসংযোগ কৰা হয়। ইয়াৰ উপৰি আৰক্ষী থানাত অগ্নিসংযোগ কৰাৰ লগতে সাতখন আৰক্ষীৰ বাহন জ্বলাই দিয়াৰ লগতে এগৰাকী সাংবাদিকো আহত হোৱা বুলি জানিব পৰা গৈছে। প্ৰতিবাদকাৰীসকলে পাছিঘাট আৰক্ষী থানাতো অগ্নিসংযোগ কৰে প্ৰতিবাদকাৰীসকলে।
প্ৰতিবাদকাৰী আৰু নিৰাপত্তাৰক্ষীৰ মাজত উত্তেজনা বৃদ্ধি পোৱাৰ পিছতে পৰিস্থিতিয়ে হিংসাত্মক ৰূপ লয়। স্থানীয় সূত্ৰৰ দাবী অনুসৰি, প্ৰতিবাদকাৰীসকলক ছত্ৰভংগ দিয়াৰ বাবে আৰক্ষীয়ে প্ৰথমে কন্দুৱা গেছ প্ৰয়োগ কৰিছিল। পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলৈ পাছিঘাটত ব্যাপক নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হয়। ছিয়াং নদীৰ ওপৰত প্ৰস্তাৱিত ১১,০০০ মেগাৱাট শক্তি উৎপাদন ক্ষমতাসম্পন্ন জলবিদ্যুৎ প্ৰকল্পটোৰ উন্নয়নৰ দায়িত্বত আছে এনএইচপিচি।
প্ৰকল্পটোৰ বাবে চলোৱা জৰীপ আৰু নিৰাপত্তা বাহিনীৰ উপস্থিতিক লৈ অঞ্চলটোৰ একাংশ লোকৰ মাজত দীৰ্ঘদিন ধৰি অসন্তুষ্টি প্ৰকাশ পাই আহিছে। প্ৰতিবাদকাৰীসকলৰ মূল দাবী হৈছে আটকাধীন আন্দোলনকাৰীসকলক মুক্তি দিয়া, ছিয়াং অঞ্চলৰ পৰা নিৰাপত্তা বাহিনী প্ৰত্যাহাৰ কৰা আৰু প্ৰস্তাৱিত প্ৰকল্পটোৰ সৈতে জড়িত জৰীপৰ কাম তাৎক্ষণিকভাৱে বন্ধ কৰা।
স্থানীয় ৰাইজৰ একাংশই বৃহৎ আন্তঃগাঁথনিমূলক প্ৰকল্পটোৰ ফলত ভূমি, নদীৰ পৰিৱেশতন্ত্ৰ আৰু জনজাতীয় লোকসকলৰ জীৱন-জীৱিকাৰ ওপৰত পৰিব পৰা প্ৰভাৱক লৈ উদ্বেগ প্ৰকাশ কৰি আহিছে। এই ঘটনাৰ পিছত পাছিঘাট আৰু ছিয়াং অঞ্চলত উত্তেজনা অব্যাহত আছে।