ছি জিনপিং তৃতীয়বাৰৰ বাবে চীনৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত!

ছি জিনপিং একেৰাহে তৃতীয়বাৰৰ বাবে চীনৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত। ইয়াৰ লগে লগে ছি জিনপিং সাম্যবাদী চীনৰ প্ৰতিষ্ঠাপক মাও চে তুঙৰ পিছত আটাইতকৈ প্ৰভাৱশালী ৰাষ্ট্ৰীয় নেতা হিচাপে পৰিগনিত হ’ল।

চীনৰ ৰাজধানী বেইজিঙত দলীয় কৰ্মকৰ্তা সকলৰ এসপ্তাহজোৰা সমাৱেশত জিনপিঙক তৃতীয়বাৰৰ বাবে ৰাষ্ট্ৰপতি হিচাপে ঘোষণা কৰা হয়। সমাৱেশত উপস্থিত উচ্চপদস্থ বিষয়াসকলে তেওঁৰ নেতৃত্বৰ স্থিতিক সমৰ্থন জনোৱাৰ লগতে ব্যাপক সালসলনিতো অনুমোদন জনায়। আনহাতে, দলীয় এই সমাৰোহতে কেইবাজনো শীৰ্ষ বিষয়াই তেওঁলোকৰ পদ তথা স্থানৰ পৰা অব্যাহতি লয়।।

You might also like
Leave A Reply

Your email address will not be published.