জম্মু-কাশ্মীৰৰ উধমপুৰত বৃহৎ পৰিমানৰ হেৰ’ইন উদ্ধাৰ!

জম্মু-কাশ্মীৰৰ উধমপুৰত বৃহৎ পৰিমানৰ হেৰ’ইন উদ্ধাৰ। উধামপুৰ জিলা আৰক্ষীয়ে দেওবাৰে পুৱা জিৰ’ পইণ্ট চেনানীত গাড়ী তালাচী চলোৱা অৱস্থাত উদ্ধাৰ কৰে বুজন পৰিমানৰ নিষিদ্ধ হেৰ’ইন । তালাচীৰ সময়ত এখন ট্ৰাকৰ পৰা ২১.৫ কেজি ওজনৰ ১৮ টা পেকেট হেৰ’ইন উদ্ধাৰ কৰে উধামপুৰ জিলা আৰক্ষীয়ে। জব্দকৃত ট্ৰাকখনৰ পঞ্জীয়ন নম্বৰ PB-08BT- 9403 । কাশ্মীৰৰ পৰা উধামপুৰ অভিমুখে অহি থকা অৱস্থাত ট্ৰাকখন চেকপইণ্টত ৰখাই তালাচী চলোৱা হৈছিল। ইফালে ট্ৰাক চালক পঞ্জাৱৰ কুলৱিন্দৰ সিং বুলি জানিব পৰা গৈছে। ট্ৰাকখনৰ চালকজনক আৰক্ষীয়ে জিম্মাত লৈ সোধ-পোছ অব্যাহত ৰাখিছে।।

You might also like
Leave A Reply

Your email address will not be published.