বৃহস্পতিবাৰে জম্মু-কাশ্মীৰৰ ছাম্বা জিলাত সীমান্তৰ সিপাৰৰ পৰা ড্ৰ’নে নিক্ষেপ কৰা বিষ্ফোৰকৰ লগতে নগদ ধন উদ্ধাৰ। স্থানীয় লোকে পুৱা প্ৰায় ৬.১৫ বজাত আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ পৰা প্ৰায় পাঁচ-ছয় কিলোমিটাৰ দূৰত্বত থকা ৰামগড় আৰু বিজয়পুৰৰ মাজৰ ছানী মানহাছানৰ সমীপৰ এখন পথাৰত উদ্ধাৰ কৰে এটা সন্দেহজনক ছীল পেকেট। সন্দেহজনক ছীল পেকেটটো প্ৰত্যক্ষ কৰি ততাতৈয়াকৈ আৰক্ষীক খৱৰ দিয়ে স্থানীয় লোকে। পিছত ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ জব্দ কৰে সন্দেহজনক টোপোলাটো। টোপোলাটোত ডিটনেটৰৰ সৈতে দুটা অসংযুক্ত আই ই ডি, দুটা চাইনিজ পিষ্টল, ৬০ ৰাউণ্ডৰ ৪টা মেগজিনৰ লগতে ৫ লাখ টকা উদ্ধাৰ কৰে আৰক্ষীয়ে।।
