আজি ২৪ নৱেম্বৰ

▶️আজি লাচিত দিৱস।
▶️১৬৩২ চনৰ এই দিনটোতেই সপ্তদশ শতিকাৰ বিশিষ্ট যুক্তিবাদী দাৰ্শনিক বেনেডিক্ট ডে স্পিনোজাৰ জন্ম হৈছিল।
▶️১৮৫৯ চনৰ আজিৰ দিনটোতেই চাৰ্লছ ডাৰউইনৰ প্ৰসিদ্ধ বিৱৰ্তনবাদ সম্পৰ্কীয় প্ৰথম গ্ৰন্থ প্ৰকাশ।
▶️১৮৬৭ চনৰ আজিৰ দিনটোতেই সাহিত্যিক ৰজনীকান্ত বৰদলৈৰ জন্ম হৈছিল।
▶️১৯৮৬ চনৰ এই দিনটোতেই তামিলনাডু বিধানসভাৰ সাতজন বিধায়কক বহিস্কাৰ। ভাৰতৰ বিধানসভা নিৰ্বাচনত এনে ঘটনা এয়ে প্ৰথম।
▶️১৯৯৫ চনৰ এই দিনটোতেই বাংলাদেশ সংসদ ভংগ।
▶️১৯৯৮ চনৰ আজিৰ দিনটোতেই দিল্লী,ৰাজস্থান,মধ্যপ্ৰদেশ আৰু মিজোৰামত বিধানসভা নিৰ্বাচন।
▶️২০০১ চনৰ আজিৰ দিনটোতেই অসমৰ প্ৰাক্তন মন্ত্ৰী দিগেন বৰাৰ মৃত্যু হৈছিল।
▶️২০০২ চনৰ এই দিনটোতেই জম্মু চহৰৰ ৰঘুনাথ মন্দিৰত সন্ত্ৰাসবাদীৰ আক্ৰমণ। এই আক্ৰমণত ১১ গৰাকী দৰ্শনাৰ্থীয়ে থিতাতে প্ৰাণ হেৰুৱাইছিল। পাছত আৰক্ষীয়ে মন্দিৰটো সন্ত্ৰাসবাদীৰ কবলৰ পৰা মুক্ত কৰে।
▶️২০০৩ চনৰ আজিৰ দিনটোতেই ২৫ দিনীয়া ভ্ৰমণসূচী লৈ ভাৰতলৈ অহা নিউজিলেণ্ডৰ মহিলা ক্ৰিকেট দলৰ প্ৰথমখন মেচত জয়লাভ।
▶️২০০৪ চনৰ এই দিনটোতেই ছিয়াছেনত ভাৰতৰ যুদ্ধবিৰতিৰ প্ৰস্তাৱ।।

You might also like
Leave A Reply

Your email address will not be published.