বুধবাৰে পুৱা দুটা ভয়ংকৰ বিস্ফোৰণে জোকাৰি যায় জেৰুজালেম। বিস্ফোৰণত এজন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে আহত হয় আন কেইবা ডজন লোক।জেৰুজালেমৰ প্ৰৱেশদ্বাৰৰ দুটা বাছ আস্থানত মানুহৰ ভিৰৰ মাজত সংঘটিত হয় এই বিস্ফোৰণটো । প্ৰথমটো বিস্ফোৰণ সংঘটিত হয় পুৱা প্ৰায় ৭ বজাত জেৰুজালেমৰ গিভাট শ্বাউলৰ মূল প্ৰৱেশদ্বাৰত আৰু দ্বিতীয়টো বিস্ফোৰণ পুৱা ৭.৩০ বজাত ৰামোট জংচনৰ আন এটা প্ৰৱেশদ্বাৰত। গিভাট শ্বাউলত এঘাৰজন লোক আহত হোৱাৰ বিপৰীতে দ্বিতীয়টো বিস্ফোৰণত দুজন লোক সামান্যভাৱে আঘাতপ্ৰাপ্ত হয়। আহত আটাইকেইজনক মহানগৰীৰ শ্বাৰে জেডেক আৰু হাদাছা আইন কেৰেম চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

বিস্ফোৰণৰ দায়িত্ব এই পৰ্যন্ত স্বীকাৰ কৰা নাই কোনো সন্ত্ৰাসবাদী সংগঠনে।বিস্ফোৰণৰ সৈতে জড়িত দুস্কৃতিকাৰীক বিচাৰি আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান

You might also like
Leave A Reply

Your email address will not be published.