প্ৰচণ্ড ভূমিকম্পই কঁপাই গ’ল মহাৰাষ্ট্ৰ!

বুধবাৰে পুৱাই প্ৰচণ্ড ভূমিকম্পই কঁপাই গ’ল মহাৰাষ্ট্ৰ। মহাৰাষ্ট্ৰৰ নাছিকৰ সমীপত পুৱা প্ৰায় ৪ বজাত ৰিখটাৰ স্কেল ৩.৬ প্ৰাবল্যত সংঘটিত হয় ভূমিকম্পটো। ভূমিকম্পটোৰ অভিকেন্দ্ৰ নাছিকৰ পৰা ৮৯ কিলোমিটাৰ পশ্চিমে, ৫ কিলোমিটাৰ গভীৰতাত। খৱৰটো সদৰি কৰে ৰাষ্ট্ৰীয় ভূমিকম্প বিজ্ঞান কেন্দ্ৰই ।

ইয়াৰ পূৰ্বে মঙলবাৰে নিশা প্ৰায় ৯:৩০ বজাত হিমাচল প্ৰদেশত ভূমিকম্পৰ তীব্ৰ কম্পন অনুভূত হৈছিল। ৰিখটাৰ স্কেলত ৪.১ প্ৰাবল্যত সংঘটিত হৈছিল ভূমিকম্পটো। ৰাষ্ট্ৰীয় ভূমিকম্প বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি ভূমিকম্পৰ গভীৰতা মাটিৰ পৰা ৫ কিলোমিটাৰ দূৰত্বত আছিল।।

You might also like
Leave A Reply

Your email address will not be published.