জাইকাৰ পাইপ ফাটি মহিলাৰ কৰুণ মৃত্যু!

নিউজ ডেস্ক:

গুৱাহাটীৰ খাৰঘূলিত অঘটন। জাইকাৰ পাইপ ফাটি খাৰঘুলিৰ জয়পুৰত জলপ্ৰলয়। গেমন জাইকাৰ মেইন লাইনৰ পাইপত সংঘটিত হয় এই অঘটন। পানীৰ পাইপ বিস্ফোৰণত এই পৰ্যন্ত এগৰাকী মহিলাৰ মৃত্যু হোৱাৰ বিপৰীতে আহত বহুলোক। নিহত মহিলাগৰাকী সুমিত্ৰা ৰাভা বুলি জানিব পৰা গৈছে। গেমনৰ পানীয়ে নিমিষতে তচনচ কৰিলে অঞ্চলটোৰ কেইবাটাও বাসগৃহ। পানীৰ তীব্ৰ ঢৌৱে উটুৱাই নিয়ে কেইবাখনো বিলাসী বাহনৰ লগতে বহু কেইখন মটৰ চাইকেল। আহতসকলক GMCH ত ভৰ্তি। উল্লেখ্য যে গেমনৰ পিছত জাইকাই লৈছিল এই প্ৰকল্প। পৰীক্ষামূলকভাৱে প্ৰকল্পটো আৰম্ভ কৰোতে সংঘটিত হয় এই ঘটনা।

এই ঘটনাৰ পাছতে অঞ্চলটোত সৃষ্টি হৈছে ভয়ংকৰ পৰিস্থিতিৰ। বিস্ফোৰণৰ পাছতে ব্যাহত হৈ পৰা পানী যোগান অতি শীঘ্ৰে আৰম্ভ হ’ব বুলি জনায় GMDA য়ে। ঘটনা সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে যদিও অঞ্চলটোৰ ৰাইজে গেমন জাইকা আৰু জি এম ডি এৰ বিৰুদ্ধে প্ৰতিবাদৰ হুংকাৰ প্ৰদান কৰে। প্ৰতিষ্ঠানটোৱে অতিশীঘ্ৰে ক্ষতিগ্ৰস্ত লোকসকলক ক্ষতিপূৰণ দিয়াৰ লগতে আহতসকলৰ পৰ্যাপ্ত চিকিৎসাৰ ব্যৱস্থা কৰাৰ দাবী স্থানীয় ৰাইজৰ।।

You might also like
Leave A Reply

Your email address will not be published.