বিশ্বৰ তৃতীয় সৰ্বোচ্চ শৃংগ মাউণ্ট কাঞ্চনজংঘাত অসমীয়া পৰ্বতাৰোহী।

নিউজ ডেস্ক:

বিশ্বৰ তৃতীয় সৰ্বোচ্চ শৃংগ মাউণ্ট কাঞ্চনজংঘাত অসমীয়া পৰ্বতাৰোহীৰ সফল আৰোহণ। সাহস আৰু দৃঢ়তাৰ এক উল্লেখযোগ্য কৃতিত্বৰে দুজন অসমীয়া পৰ্বতাৰোহী ভাস্কৰ বৰুৱা আৰু জয়ন্ত নাথে গৌৰৱেৰে ভাৰতীয় জাতীয় পতাকা আৰু পৰম্পৰাগত অসমীয়া গামোছা কাঞ্চনজংঘাৰ শিখৰত উন্মোচন কৰে। ইয়াৰ লগতে, অসম পৰ্বতাৰোহণ সন্থাই উত্তৰ-পূব ভাৰতৰ পৰা এই অনন্য সুখ্যাতি সাধন কৰা প্ৰথমটো সংস্থা হিচাপে পৰিগণিত হয়।

ৰাজ্যিক ক্ৰীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয়ৰ পৃষ্ঠপোষকতাত আৰম্ভ হোৱা মাউণ্ট কাঞ্চনজংঘা অভিযান-২০২৩ৰ আনুষ্ঠানিকভাৱে ফ্লেগ অফ কৰিছিল ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে। লগতে দলটোৰ নেতা মানস বৰুৱাক ৰাষ্ট্ৰীয় পতাকা আৰু প্ৰতীকী বৰফৰ কুঠাৰ লাঠি অৰ্পণ কৰিছিল ৰাষ্ট্ৰপতি মুৰ্মুৱে। ৰাষ্ট্ৰপতি মুৰ্মুৱে অসম ভ্ৰমণৰ সময়চোৱাতে শুভেচ্ছা জ্ঞাপন কৰিছিল সাতজনীয়া দলটোক।

দলটোৰ নেতা মানস বৰুৱাৰ উপৰিও দলটোত আছিল চিকিৎসা বিষয়া ডাঃ জগদীশ বসুমতাৰী, উপ-নেতা উপেন চক্ৰৱৰ্তী, কৌশিক দাস, ভাস্কৰ বৰুৱা, জয়ন্ত নাথ আৰু শেখৰ বৰদলৈ।।

You might also like
Leave A Reply

Your email address will not be published.