দুৰ্বৃত্তৰ গুলীত প্ৰাণ গ’ল ব্যৱসায়ীৰ!

 

নিউজ ডেস্ক:

বিলাসীপাৰাত চাঞ্চল্যকৰ হত্যাকাণ্ড। নিশা প্ৰায় ২ মান বজাত কোনো অচিনাক্ত দুৰ্বৃত্তৰ গুলীত নিহত হয় এজন ব্যৱসায়ী। দুৰ্বৃত্তৰ গুলীত নিহত বাছেৰ আলী নামৰ লোকজন। বিলাসীপাৰা ৮ নম্বৰ ৱাৰ্ডৰ বটেৰতল ভৈৰৱগঞ্জৰ ভাড়াঘৰত সংঘটিত হৈছে এই হত্যাকাণ্ড। নিহত বাছেৰ আলী ৩ সন্তানৰ পিতৃ আছিল।

জানিব পৰা মতে, আৰক্ষীয়ে নিহত বাছেৰ আলীৰ মৃতদেহৰ কাষত উদ্ধাৰ কৰে এটা খালি গুলীৰ কাৰ্টিজ। বাছেৰ আলীৰ নিজা ঘৰ বিলাসীপাৰা মহকুমাৰ শালকোচা আৰক্ষী চকীৰ অন্তৰ্গত চুৱাপাতা প্ৰথম খণ্ড গাঁৱত।
ইফালে হত্যাকাৰীক গ্ৰেপ্তাৰৰ দাবীত বিলাসীপাৰা আৰক্ষী থানা ঘেৰাও কৰে নিহত বাছেৰ আলীৰ আত্মীয়ৰ লগতে উত্তেজিত ৰাইজে। ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। বাতৰি যুগুটোৱা পৰ্যন্ত ঘটনাৰে জড়িত কোনো লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই।।

You might also like
Leave A Reply

Your email address will not be published.