উত্তৰ জাৰ্মানীত দুস্কৃতিকাৰীৰ ভয়ংকৰ আক্ৰমণ। ৰে’লত কটাৰীৰে সংঘটিত কৰা আক্ৰমণত দুজন লোক নিহত হোৱাৰ বিপৰীতে আহত আন ৫ জন লোক। কিলৰ পৰা হামবাৰ্গলৈ যোৱা ৰে’লত সংঘটিত হয় আক্ৰমণটো। ঘটনাটোৰ পিছতে দুস্কৃতিকাৰীটোক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। জৰুৰীকালীন সেৱাৰ বাহিৰে আন সেৱাসমূহ বন্ধ কৰা হৈছে বুলি টুইটযোগে সদৰি কৰে জাৰ্মানীৰ চৰকাৰী ৰে’ল কতৃপক্ষই ।।
