আজি ২৬ জানুৱাৰী

▶️আজি ভাৰতৰ গণৰাজ্য দিৱস।
▶️আজি অষ্ট্ৰেলিয়া দিৱস।
▶️আজি আন্তৰ্জাতিক সীমা শুল্ক দিৱস।
▶️১৫৫৬ চনৰ আজিৰ দিনটোতেই চিৰিৰ পৰা পিছলি মোগল সম্ৰাট হুমায়ুনৰ মৃত্যু হৈছিল।
▶️১৮০২ চনৰ আজিৰ দিনটোতেই ফৰাছী সাহিত্যিক ভিক্টৰ হুগোৰ জন্ম হৈছিল।
▶️১৮২৩ চনৰ এই দিনটোতেই ইংৰাজ চিকিৎসক, বসন্ত ৰোগৰ প্ৰতিষেধক ছিটাৰ আৱিষ্কাৰক এডৱাৰ্ড জেনাৰৰ মৃত্যু হৈছিল।
▶️১৯৩০ চনৰ এই দিনটোতেই ভাৰতত প্ৰথমবাৰৰ বাবে স্বৰাজ দিৱস পালন।
▶️১৯৪৮ চনৰ এই দিনটোতেই গুৱাহাটী বিশ্ববিদ্যালয় প্ৰতিষ্ঠা।
▶️১৯৫০ চনৰ আজিৰ দিনটোতেই ১৯৩৭ চনত গঠন কৰা ফেডাৰেল ক’ৰ্ট অব ইণ্ডিয়াৰ নাম আৰু পৰিসৰ সলনি।নতুন নাম হৈ পৰিছিল ছুপ্ৰিম ক’ৰ্ট অব ইণ্ডিয়া।অসমীয়াত ভাৰতৰ উচ্চতম ন্যায়ালয়।
▶️১৯৫০ চনৰ আজিৰ দিনটোতেই ভাৰতৰ সংবিধান গৃহীত। ভাৰতৰ এখন সাৰ্বভৌম গণতান্ত্ৰিক ৰাষ্ট্ৰ ৰূপে প্ৰতিষ্ঠা লাভ।
▶️১৯৫০ চনৰ আজিৰ দিনটোতেই অশোক স্তম্ভক ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীক ৰূপে গ্ৰহণ কৰা হয়।
▶️১৯৫০ চনৰ আজিৰ দিনটোতেই ডঃ ৰাজেন্দ্ৰ প্ৰসাদৰ ভাৰতৰ প্ৰথমগৰাকী ৰাষ্ট্ৰপতি ৰূপে কাৰ্যভাৰ গ্ৰহণ। ১৯৬২ চনৰ ১৩ মে’ লৈকে তেওঁ ভাৰতৰ ৰাষ্ট্ৰপতি পদত কাৰ্যনিৰ্বাহ কৰিছিল।
▶️১৯৭২ চনৰ এই দিনটোতেই নতুন দিল্লীৰ ইণ্ডিয়া গে’টত ৰাষ্ট্ৰীয় স্মাৰক ‘অমৰ জোৱান স্থাপিত হৈছিল।
▶️২০০০ চনৰ এই দিনটোতেই গহপুৰক শোণিতপুৰ জিলাৰ এটা মহকুমা ৰূপে ঘোষণা।
▶️২০০১ চনৰ আজিৰ দিনটোতেই গুজৰাটত সংঘটিত প্ৰবল ভূমিকম্পত প্ৰায় ২৫ হেজাৰ লোকৰ মৃত্যু হোৱাৰ বিপৰীতে এক লক্ষাধিক লোক গৃহহীন হৈ পৰিছিল।
▶️২০০৬ চনৰ এই দিনটোতেই অসমৰ ১৪ বছৰীয়া ৰাতুল চন্দ্ৰ ৰাভা আৰু ১৫ বছৰীয়া ঋতুপৰ্ণ বড়োক ৰাষ্ট্ৰীয় সাহসিকতা বঁটা প্ৰদান কৰা হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.