আজি ২৫ জানুৱাৰী

▶️আজি ৰাষ্ট্ৰীয় পৰ্যটন দিৱস।
▶️আজি হিমাচল প্ৰদেশ দিৱস।
▶️১৬২৭ চনৰ আজিৰ দিনটোতেই বিজ্ঞানী ৰবাৰ্ট বয়লৰ জন্ম হৈছিল।
▶️১৮২৪ চনৰ এই দিনটোতেই বংগৰ প্ৰসিদ্ধ কবি মধুসূদন দত্তৰ জন্ম হৈছিল। ১৮৮৩ চনত খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰি তেওঁ মাইকেল মধুসূদন দত্ত নাম লয়।
▶️১৮৭৪ চনৰ এই দিনটোতেই কুৰি শতিকাৰ জনপ্ৰিয় লেখক, নাট্যকাৰ আৰু ঔপন্যাসিক ছমাৰছেট মমৰ জন্ম হৈছিল। ‘দা মুন এণ্ড চিক্স পেন্স’,’হিউমেন ব’ণ্ডেজ’ আদি তেওঁৰ প্ৰসিদ্ধ ৰচনা।
▶️১৯২৬ চনৰ আজিৰ দিনটোতেই সংগীতজ্ঞ দিলীপ শৰ্মাৰ জন্ম হৈছিল।
▶️১৯৭১ চনৰ আজিৰ দিনটোতেই হিমাচল প্ৰদেশৰ পূৰ্ণ ৰাজ্যৰ মৰ্যাদা লাভ।
▶️১৯৭৫ চনৰ এই দিনটোতেই শ্বেখ মুজিবুৰ ৰহমান বাংলাদেশৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হৈছিল।
▶️১৯৮০ চনৰ এই দিনটোতেই দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ‘ভাৰতৰত্ন’ আৰু ‘পদ্ম’ সন্মান পুনৰ প্ৰৱৰ্তন। ১৯৭৭ চনৰ ৮ আগষ্টৰ পৰা এই সন্মান প্ৰদান বন্ধ ৰখা হৈছিল।
▶️১৯৯৮ চনৰ এই দিনটোতেই কন্ঠশিল্পী দীপালী বৰঠাকুৰলৈ ‘পদ্মশ্ৰী’ সন্মান।
▶️২০০৫ চনৰ আজিৰ দিনটোতেই অসমত মুঠ ৩০ লাখ বাংলাদেশী আছে বুলি তেতিয়াৰ ৰাজ্যপাল অজয় সিঙৰ ঘোষণা।
▶️২০০৫ চনৰ আজিৰ দিনটোতেই মহাৰাষ্ট্ৰৰ ছাতাৰা জিলাৰ মন্দ্ৰাদেৱী মন্দিৰত বাৰ্ষিক পূজা উপলক্ষে অনুষ্ঠিত অনুষ্ঠানত পদপিষ্ট হৈ ৩৭০ লোকৰ প্ৰাণহানি ঘটিছিল।।

You might also like
Leave A Reply

Your email address will not be published.