তিনি ৰাষ্ট্ৰ ভ্ৰমণলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।

নিউজ ডেস্ক:

জাপানত G-7 শীৰ্ষ সন্মিলনৰ লগতে অষ্ট্ৰেলিয়াত কোৱাড নেতা সন্মিলনত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীয়ে। ১৯ মে’ৰ পৰা ২১ মে’লৈ জাপানৰ ৰাষ্ট্ৰপতি ফুমিও কিছিদাৰ সভাপতিত্বত অনুষ্ঠিত হ’বলগীয়া জি শীৰ্ষ সন্মিলনৰ বাবে প্ৰধানমন্ত্ৰী মোদী উপস্থিত থাকিব জাপানৰ হিৰোচিমাত। সন্মিলনত প্ৰধানমন্ত্ৰীয়ে শান্তি,ভূখণ্ডৰ স্থিতিশীলতা আৰু বহনক্ষম সমৃদ্ধ খাদ্য, সাৰ আৰু শক্তি সুৰক্ষাৰ দৰে বিষয়ত ভাষণ দিব। শীৰ্ষ সন্মিলনত অংশগ্ৰহণকাৰী একাংশ নেতাৰ সৈতেও দ্বিপাক্ষিক বৈঠকত মিলিত হ’ব প্ৰধানমন্ত্ৰীগৰাকী।

প্ৰধানমন্ত্ৰী মোদীয়ে পাপুৱা নিউগিনিত গৱৰ্ণৰ জেনেৰেল বব দাদাই আৰু প্ৰধানমন্ত্ৰী জেমছ মাৰাপেৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ’ব। উল্লেখ্য যে, ভাৰতৰ প্ৰধানমন্ত্ৰীৰ এইটোৱেই হ’ব প্ৰথমবাৰৰ বাবে পাপুৱা নিউগিনি ভ্ৰমণ।

২৪ মে’ত অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এণ্টনি আলবানিজৰ সৈতে দ্বিপাক্ষিক বৈঠক হ’ব প্ৰধানমন্ত্ৰী মোদীৰ। প্ৰধানমন্ত্ৰীয়ে অষ্ট্ৰেলিয়াৰ চিইঅ’ আৰু ব্যৱসায়িক নেতাসকলৰ সৈতেও মত বিনিময় কৰিব। ২৩ মে’ত ছিডনীত অনুষ্ঠিত হ’বলগীয়া এক সামূহিক অনুষ্ঠানত প্ৰবাসী ভাৰতীয়সকলক সম্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।।

You might also like
Leave A Reply

Your email address will not be published.