আজি ১৮ মে’

▶️১৮৭২ চনৰ আজিৰ দিনটোতেই ইংৰাজ দাৰ্শনিক, সাহিত্যিক বাৰ্ট্ৰাণ্ড ৰাছেলৰ (সম্পূৰ্ণ নাম বাৰ্ট্ৰাণ্ড আৰ্থাৰ উইলিয়াম ৰাছেল) জন্ম হৈছিল। ৰাছেলে ১৯৫০ চনত সাহিত্যৰ নোবেল বঁটা লাভ কৰিছিল।
▶️১৯১২ চনৰ আজিৰ দিনটোতেই আৰ জি ট্ৰনিৰ চুটি কাহিনীচিত্ৰ ‘পুণ্ডলিক’ৰ মুম্বাইত মুক্তি লাভ।
▶️১৯৩৩ চনৰ আজিৰ দিনটোতেই ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী এইচ ডি দেৱেগৌড়াৰ জন্ম হৈছিল। তেওঁ ১৯৯৬ চনৰ ১ জুনৰ পৰা ১৯৯৭ চনৰ ২১ এপ্ৰিললৈকে এই পদত কাৰ্যনিৰ্বাহ কৰিছিল।
▶️১৯৪৫ চনৰ আজিৰ দিনটোতেই চৰকাৰীভাৱে ইউৰোপ ভূখণ্ডত দ্বিতীয় মহাসমৰৰ সামৰণি।
▶️১৯৭৪ চনৰ আজিৰ দিনটোতেই ৰাজস্থানৰ পোখৰানৰ ভূগৰ্ভত (১০০ মিটাৰ তলত) ভাৰতৰ প্ৰথম পাৰমাণৱিক বোমাৰ পৰীক্ষামূলক বিস্ফোৰণ।
▶️১৯৭৭ চনৰ আজিৰ দিনটোতেই ইন্দিৰা গান্ধীৰ প্ৰথম মন্ত্ৰীত্ব কালত জৰুৰীকালীন অৱস্থাত হোৱা সীমাহীন অনৈতিক কাৰ্যকলাপৰ অনুসন্ধানৰ অৰ্থে জনতা চৰকাৰৰ জয়ন্তীলাল ছোটেলাল শ্বাহক নিয়োগ।ইতিহাসত এই আয়োগ ‘শ্বাহ আয়োগ’ নামে পৰিচিত।
▶️১৯৯৩ চনৰ আজিৰ দিনটোতেই বায়ুদূতক ইণ্ডিয়ান এয়াৰলাইনছৰ লগত যুক্ত কৰাৰ বাবে চৰকাৰৰ সিদ্ধান্ত।
▶️১৯৯৯ চনৰ আজিৰ দিনটোতেই ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰৰ পিতৃ মাৰাঠী কবি আৰু অধ্যাপক ৰমেশ তেণ্ডুলকাৰৰ ৬৬ বছৰ বয়সত দেহাৱসান।
▶️২০০১ চনৰ আজিৰ দিনটোতেই পুনৰ ইৰাকৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হৈছিল ছাদ্দাম হুছেইন।
▶️২০০১ চনৰ আজিৰ দিনটোতেই অসমৰ মুখ্যমন্ত্ৰী ৰূপে তৰুণ গগৈৰ কাৰ্যভাৰ গ্ৰহণ।
▶️২০০২ চনৰ আজিৰ দিনটোতেই ভাৰতৰ প্ৰাক্তন মুখ্য নিৰ্বাচন আয়ুক্ত এছ এল শাকধেৰৰ মৃত্যু।তেওঁ ১৯৭৭ চনৰ পৰা ১৯৮২ চনলৈকে এই পদত কাৰ্যনিৰ্বাহ কৰিছিল।।

 

You might also like
Leave A Reply

Your email address will not be published.