ত্ৰিপুৰাত ৬ কোটিৰ য়াবা টেবলেটসহ আটক ৩ সৰবৰাহকাৰীক!

অসম-ত্ৰিপুৰা আন্তঃৰাজ্যিক সীমান্তৰ চুৰাইবাৰী গেটত ৬০,০০০ য়াবা টেবলেট জব্দ

নেচনেল ডেস্ক:

ত্ৰিপুৰা আৰক্ষীৰ এক সফল অভিযান। উত্তৰ ত্ৰিপুৰা আৰক্ষীয়ে আজি পুৱা প্ৰায় ৬ মান বজাত অসম-ত্ৰিপুৰা আন্তঃৰাজ্যিক সীমান্তৰ চুৰাইবাৰী গেটত ৬০,০০০ য়াবা টেবলেট জব্দ কৰিবলৈ সক্ষম হয়। টেবলেটসহ গ্ৰেপ্তাৰ কৰে ৩ সৰবৰাহকাৰীক।

আৰক্ষীয়ে জনোৱা অনুসৰি, এক গোপন সূত্ৰৰ খবৰৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই কৰিমগঞ্জৰ পৰা ত্ৰিপুৰাত প্ৰৱেশৰ সময়তে য়াবা টেবলেট ভৰ্তি এখন বলেৰ’ বাহন জব্দ কৰে। জব্দকৃত ৬০,০০০ য়াবা টেবলেটৰ বজাৰ মূল্য প্ৰায় ৬ কোটি টকা। আটকাধীন ৩ সৰবৰাহকাৰীক ক্ৰমে-শুভংকৰ দেবনাথ, ইদ্ৰিছ মিয়ান আৰু ৰজত পাল বুলি চিনাক্ত কৰা হৈছে। তিনিও সোনামুৰা মহকুমাৰ ধনপুৰৰ বাসিন্দা। বৰ্তমান ধৃত ৩ সৰবৰাহকাৰী চুৰাইবাৰী আৰক্ষীৰ জিম্মাত।।

You might also like
Leave A Reply

Your email address will not be published.