পথৰ আৱৰ্জনা তুলি লাখপতি হ’ল এগৰাকী যুৱতী!

যুৱতী গৰাকীয়ে আৱৰ্জনা বিক্ৰী কৰি পোৱা উপাৰ্জনৰ কথা জানি হয়টো আচৰিত হ'ব আপুনিও

ইন্টাৰনেচনেল ডেস্ক

ৱৰ্জনাৰ ব্যৱসায়েৰে হৈ পৰিল লাখপতি৷ কিন্তু কেনেকৈ? যুৱতী গৰাকীয়ে আৱৰ্জনা বিক্ৰী কৰি পোৱা উপাৰ্জনৰ কথা জানি হয়টো আচৰিত হ’ব আপুনিও৷

আমেৰিকা যুক্তৰাষ্ট্ৰত বাস কৰা ভেৰোনিকাই এটা সাধাৰণ ব্যাক্তিগত খণ্ডত চাকৰি কৰি আছিল৷ কিন্তু ভেৰোনিকাৰ কিবা ব্যাতিক্ৰমি কাম কৰিবলৈ হেঁপাহ আছিল। সেয়েহে যুৱতী গৰাকীয়ে গভীৰ আত্মবিশ্বাসেৰে আৱৰ্জনাৰ ব্যৱসায় আৰম্ভ কৰে। ভেৰোনিকাই তেওঁৰ বন্ধু লিজ উইলছনৰ সৈতে সমগ্ৰ চহৰৰ পৰা আৱৰ্জনা সংগ্ৰহৰ কাম আৰম্ভ কৰে। দুয়োজনে ৰাতিপুৱা উঠি ৰাস্তাৰ কাষত পৰি থকা আৱৰ্জনাবোৰ সংগ্ৰহ কৰে।
তেওঁলোকে আৱৰ্জনাত পৰি থকা ব্ৰেণ্ডেড পাৰ্চ বা অন্যান্য সামগ্ৰী সংগ্ৰহ কৰি সেইবোৰ অনলাইন যোগে বিক্ৰী কৰিবলৈ ধৰিলে।
এনেদৰে, ভেৰোনিকাই মাহে চাৰি লাখ টকাৰো অধিক উপাৰ্জন কৰিব পৰা হ’ল।

সংবাদ মাধ্যমৰ সৈতে এক সাক্ষাৎতকাৰ অনুষ্ঠানত ভেৰোনিকাই কয় যে তেওঁ দীৰ্ঘদিন ধৰি বন্ধুৰ সৈতে একেলগে এই আৱৰ্জনাৰ সংগ্ৰহৰ কাম কৰি আজি স্বাৱলম্বী তথা অত্যন্ত সুখী।

You might also like
Leave A Reply

Your email address will not be published.