এতিয়াৰে পৰা কেৱল ‘‘আকাশবাণী’’ নামেৰে পৰিচিত হ’ল ‘অল ইণ্ডিয়া ৰেডিঅ’!

এই ঘোষণা কেন্দ্ৰীয় চৰকাৰৰ

নিউজ ডেস্ক:

“অল ইণ্ডিয়া ৰেডিঅ’ “এতিয়াৰে পৰা পৰিচিত হ’ব ‘‘আকাশবাণী’’ নামেৰে । এই ঘোষণা কেন্দ্ৰীয় চৰকাৰৰ । অল ইণ্ডিয়া ৰেডিঅ’ এই নাম পৰিৱৰ্তনটো ৩ মে’ত এক চেটেলাইট বাৰ্তাৰ দ্বাৰা আকাশবাণীৰ সঞ্চালক প্ৰধানৰ কাৰ্যালয়ৰ নীতি বিভাগৰ পৰা সমগ্ৰ দেশৰ সকলো কেন্দ্ৰলৈ প্ৰেৰণ কৰা হৈছে।
তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে এক আইন ব্যৱস্থা বলবৎ কৰাৰ সিদ্ধান্ত লৈছে যাৰ দ্বাৰা প্ৰচাৰ ভাৰতীৰ ৰেডিঅ’ এতিয়াৰে পৰা কেৱল ‘‘আকাশবাণী’’ বুলিহে পৰিচিত হ’ব। জানিব পৰা মতে, অল ইণ্ডিয়া ৰেডিঅ’ নামৰ সৈতে সম্পৰ্কিত ‘ঔপনিৱেশিক সামগ্ৰী’ আঁতৰ কৰাৰ প্ৰচেষ্টাৰ অংশ হিচাপে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।

You might also like
Leave A Reply

Your email address will not be published.