আজি ৭ মে’

▶️১৮১২ চনৰ আজিৰ দিনটোতেই ইংৰাজ কবি ৰবাৰ্ট ব্ৰাউনিঙৰ জন্ম হৈছিল।
▶️১৮৩২ চনৰ আজিৰ দিনটোতেই স্বাধীন সাম্ৰাজ্যত পৰিনত হৈছিল গ্ৰীচ।
▶️১৮৪৯ চনৰ আজিৰ দিনটোতেই কলকাতাত জন বেথুন, ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ আদিৰ উদ্যোগত ‘নেটিভ ফিমেল স্কুল’ প্ৰতিষ্ঠা।পিছলৈ এইখন স্কুলৰে নাম হয়গৈ বেথুন স্কুল।
▶️১৮৬১ চনৰ আজিৰ দিনটোতেই কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ জন্ম হৈছিল।
▶️১৮৬৮ চনৰ আজিৰ দিনটোতেই পোলেণ্ডৰ নোবেল জয়ী সাহিত্যিক ব্লাদিশ্লাভ ষ্টেনিশ্লাভ ৰেমন্টৰ জন্ম হৈছিল। ‘দা পীজেন্ট’ নামৰ উপন্যাসখনৰ বাবে তেওঁ ১৯২৪ চনত সাহিত্যৰ নোবেল বঁটা লাভ কৰিছিল।
▶️১৮৯২ চনৰ আজিৰ দিনটোতেই যুগোশ্লাভিয়াৰ ৰাষ্ট্ৰপতি মাৰ্শ্বেল টিটোৰ জন্ম হৈছিল।
▶️১৯০৭ চনৰ এই দিনটোতেই মুম্বাইত প্ৰথম ইলেক্ট্ৰিক ট্ৰামৰ চলাচল আৰম্ভ। ১৯৬৪ চনৰ ৩১ মাৰ্চত এই সেৱা বন্ধ হৈছিল।
▶️১৯৩৪ চনৰ আজিৰ দিনটোতেই ফিলিপাইনছত বিশ্বৰ সৰ্ববৃহৎ মুকুতা উদ্ধাৰ। এই মুকুতাটোৰ ওজন আছিল ৬.৪ কিলোগ্ৰাম।
▶️১৯৮৯ চনৰ আজিৰ দিনটোতেই জৰ্জ ইষ্টমেনৰ আধুনিক কেমেৰা নিৰ্মাণ আৰু পেটেণ্ট গ্ৰহণ। পাছলৈ এই কেমেৰা ‘কোডাক’ নামেৰে বিখ্যাত হৈ পৰে।
▶️২০০৫ চনৰ এই দিনটোতেই অসমৰ ৰাজনৈতিক ইতিহাসৰ অন্যতম ঐতিহ্য জনতা ভৱনৰ এক গুৰুত্বপূৰ্ণ অংশ অগ্নিকাণ্ডত ভষ্মিভুত হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.