ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL)ত বিৰাট কোহলীৰ আন এক কৃতিত্ব!

IPLত ৭০০০ ৰান সংগ্ৰহ কৰা প্ৰথমজন বেটছমেন হিচাপে পৰিগণিত হ'ল ৰয়েল চেলেঞ্জাৰছ বাংগালুৰুৰ খেলুৱৈ বিৰাট কোহলী

নিউজ ডেস্ক:

ণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL)ত বিৰাট কোহলীৰ আন এক কৃতিত্ব। ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ইতিহাসত ৭০০০ ৰান সংগ্ৰহ কৰা প্ৰথমজন বেটছমেন হিচাপে পৰিগণিত হ’ল ৰয়েল চেলেঞ্জাৰছ বাংগালুৰুৰ খেলুৱৈ বিৰাট কোহলী।শনিবাৰে কোহলীয়ে দিল্লী কেপিটেলছৰ বিৰুদ্ধে খেলখনত স্থাপন কৰে এই অভিলেখ। দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত হোৱা ২৩৩ সংখ্যক আই পি এল মেচত ৭০১৮ ৰান সংগ্ৰহ কৰি চলিত বৰ্ষৰ আই পি এল ছিজনৰ ৫০ সংখ্যক মেচত এই কৃৰ্তিত্ব অৰ্জন কৰে কোহলীয়ে।

ইফালে কোহলীৰ পিছতে আছে পঞ্জাৱ কিংছৰ অধিনায়ক শিখৰ ধাৱন। ২১৩খন মেচত ৬৫৩৬ ৰান সংগ্ৰহ কৰি ধাৱন দ্বিতীয় স্থানত থকাৰ বিপৰীতে দিল্লী কেপিটেলছৰ অধিনায়ক ডেভিদ ৱাৰ্নাৰে ১৭১খন মেচত ৬১৮৯ ৰান সংগ্ৰহ কৰি তৃতীয় স্থানত আছে। মন কৰিবলগীয়া যে ২০১৬ চনত চাৰিটা শতকৰ সৈতে ১৬ খন মেচত ৯৭৩ ৰান সংগ্ৰহ কৰি আই পি এলৰ এটা ছিজনত সৰ্বাধিক ৰান সংগ্ৰহৰ অভিলেখো আছে বিৰাট কোহলীৰ নামত।।

You might also like
Leave A Reply

Your email address will not be published.