ইণ্টাৰনেচনেল ডেস্ক:
দাউ দাউকৈ জ্বলি উঠিল এটা নাইট ক্লাব। নাইট ক্লাবত সংঘটিত হোৱা অগ্নিকাণ্ডত মৃত্যু ১৩ গৰাকী লোকৰ। ইয়াৰ বিপৰীতে জুইৰ ধোঁৱাৰ ফলত অসুস্থ হৈ চিকিৎসাধীন হয় চাৰি গৰাকীকৈ লোক। এই মৰ্মান্তিক ঘটনাটো সংঘটিত হয় স্পেইনৰ মুৰ্চিয়াৰ আটালায়াছৰ পাৰ্শৱৰ্তী অঞ্চলত অৱস্থিত টিয়েট্ৰে নাইট ক্লাবত। বিধ্বংসী অগ্নিকাণ্ডৰ ফলত ক্লাবৰ আন্ত:গাঠনিৰো প্ৰচুৰ ক্ষতি সাধন হয়। জৰুৰীকালীন সেৱাই অভিযান চলাই জুইত আৱদ্ধ লোকসকলক উদ্ধাৰ কৰে বুলি চহৰখনৰ মেয়ৰে জানীবলৈ দিয়ে । পৰৱৰ্তী সময়ত অগ্নিনিৰ্বাপক বাহিনীৰ বাহন ঘটনাস্থলীত উপস্থিত হৈ জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়।।