দিল্লীৰ আনন্দ পাৰবত নিশা শোকাৱহ পথ দুৰ্ঘটনা!

নেচনেল ডেস্ক :
জানিব পৰা মতে, পথ নিৰ্মাণৰ কাম কৰা প্ৰব্ৰজনকাৰী শ্ৰমিকসকলক শুকুৰবাৰে নিশা এমচিডিৰ এখন দ্ৰুতবেগী ট্ৰাকে মহতীয়াই নিয়ে ।দুৰ্ঘটনাটোত এটি শিশুসহ চাৰিগৰাকী লোক নিহত হয়। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ নিহত লোক সকলৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।
আৰক্ষীয়ে জনোৱা অনুসৰি, পথ নিৰ্মাণৰত শ্ৰমিক সকলে নিশা দেৰিলৈ ৰাস্তাত কাম কৰি আছিল। সেই সময়তে নিয়ন্ত্ৰণহীন এমচিডিৰ ট্ৰাকখনে তেওঁলোকক মহতিয়াই লৈ যায় ।ৰাস্তাত কাম কৰি থকা শ্ৰমিক সকলৰ ঘৰ মধ্য প্ৰদেশৰ টিকমগড়ৰ বুলি জানিব পৰা গৈছে। ঘটনাটো নিশা প্ৰায় ১ বজাত সংঘটিত হয়। মৃতসকলৰ ভিতৰত এগৰাকী মহিলা আৰু এটি শিশুও আছে।

আৰক্ষীয়ে ঘটনা সংঘটিত কৰা ট্ৰাকখনৰ চালকক বিচাৰি অভিযান অব্যাহত ৰাখিছে।।

You might also like
Leave A Reply

Your email address will not be published.