ড্ৰাই ষ্টেট নাগালেণ্ডত সুৰাৰ পয়োভৰ!

নেচনেল ডেস্ক:

নাগালেণ্ডৰ বিধানসভা নিৰ্বাচনলৈ মাজত এদিন। নিৰ্বাচনী ধামখুমীয়াৰ মাজতে ড্ৰাই ষ্টেট নাগালেণ্ডত উঠিছে এইবাৰ গোপনে সুৰাৰ উজান। নিৰ্বাচনৰ সময়তে ড্ৰাগছ আৰু সুৰাৰে ভৰি পৰিছে নাগা পাহাৰ। ভোটাৰক আকৰ্ষিত কৰিবলৈ যোগান ধৰা হৈছে সুৰাৰ লগতে ব্যাপক হাৰত ড্ৰাগছ!

নাগালেণ্ডৰ মুখ্য নিৰ্বাচনী বিষয়া ভি শশাঙ্ক শেখৰে সদৰি কৰা মতে ২১ ফেব্ৰুৱাৰী পৰ্যন্ত নাগালেণ্ডত নগদ টকাসহ জব্দ কৰা হৈছে ৪৮ কোটি ৭৭ লাখ ৩৪ হাজাৰ ১৫৯ টকা মূল্যৰ ড্ৰাগছ আৰু সুৰা। কেন্দ্ৰীয় আৰু ৰাজ্যিক তদন্তকাৰী সংস্থাসমূহে চলোৱা অভিযানত এইসমূহ জব্দ কৰাৰ লগতে নিৰ্বাচন শেষ নোহোৱা পৰ্যন্ত অভিযান চলি থাকিব বুলি সদৰি কৰিছে মুখ্য নিৰ্বাচনী বিষয়া গৰাকীয়ে। উল্লেখযোগ্য যে, ৬০ আসনযুক্ত নাগালেণ্ড বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব অহা ২৭ ফেব্ৰুৱাৰীত আৰু ভোট গণনা হ’ব ২ মাৰ্চত ।।

You might also like
Leave A Reply

Your email address will not be published.