দিল্লী আৰক্ষীৰ জালত চীনা মহিলা চোৰাংচোৱা। দেশৰ ৰাজধানীৰ পৰা নেপালী সন্ন্যাসীৰ বেশত চীনা মহিলা এজনীক দেশ বিৰোধী কাৰ্যকলাপত জড়িত থকাৰ অভিযোগত আটক কৰে দিল্লী আৰক্ষীৰ বিশেষ কোষে। এক গোপন খৱৰৰ ভিত্তিত দিল্লী আৰক্ষীয়ে তালাচী চলাই দিল্লীৰ মাজনু কা তিলাৰ পৰা গ্ৰেপ্তাৰ কৰে চীনা চোৰাংচোৱাক। ধৃত চীনা মহিলা চোৰাংচোৱাক কাই ৰুও বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে অভিযুক্তাৰ পৰা নেপালৰ কাঠমাণ্ডু বাসিন্দা ডলমা লামাৰ নামত এখন নেপালী নাগৰিকত্বৰ প্ৰমাণ পত্ৰ উদ্ধাৰ কৰে । ১৪ দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে চীনা মহিলাগৰাকীক।।
