আজি ২১ অক্টোবৰ

▶️১২৯৬ চনৰ ২১ অক্টোবৰত আলাউদ্দিন খিলিজীৰ দিল্লীৰ সিংহাসনত আৰোহণ।
▶️১৭৭২ চনৰ আজিৰ দিনটোতেই ইংৰাজ ৰোমান্টিক কবি ছেমুৱেল টেলৰ ক’লৰিজৰ জন্ম হৈছিল।
▶️১৮০৫ চনৰ এই দিনটোতেই ঐতিহাসিক ট্ৰেফেলগাৰ যুদ্ধত নৌ সেনাধ্যক্ষ হেৰোচিঅ’ নেলছনৰ নেতৃত্বত বৃটিছ বাহিনীৰ জয়লাভ। যুদ্ধত গুৰুতৰভাৱে আহত নেলছনৰ যুদ্ধ সামৰণিৰ কেইঘন্টামান পাছতেই মৃত্যু হয়।
▶️১৮৩৩ চনৰ আজিৰ দিনটোতেই ছুইডেনৰ বিজ্ঞানী ডিনামাইটৰ আৱিষ্কাৰক আলফ্ৰেড নোবেলৰ জন্ম হৈছিল।
▶️১৯৩৪ চনৰ এই দিনটোতেই জয়প্ৰকাশ নাৰায়ণৰ নেতৃত্বত কংগ্ৰেছ চ’ছিয়েলিষ্ট পাৰ্টীৰ প্ৰতিষ্ঠা হৈছিল।
▶️১৯৩৪ চনৰ এই দিনটোতেই মাও-চে-তুঙৰ বিখ্যাত ‘লং মাৰ্চ’ আৰম্ভ হৈছিল।
▶️১৯৪৩ চনৰ আজিৰ দিনটোতেই ছিংগাপুৰত সুভাষ চন্দ্ৰ বসুৰ আজাদ হিন্দ চৰকাৰ গঠনৰ কথা ঘোষণা।
▶️১৯৫১ চনৰ এই দিনটোতেই অন্ধ্ৰপ্ৰদেশৰ তেলেংগনা আন্দোলন প্ৰত্যাহাৰ।
▶️১৯৯১ চনৰ আজিৰ দিনটোতেই এদিনীয়া ক্ৰিকেটত ২০০ উইকেট দখলেৰে কপিল দেৱৰ বিশ্ব অভিলেখ। শ্বাৰজাহত ভাৰত-ৱেষ্ট ইণ্ডিজৰ মাজৰ খেলত কপিল দেৱে এই কৃতিত্ব অৰ্জন কৰে।
▶️১৯৯৮ চনৰ আজিৰ দিনটোতেই হিন্দী চলচ্চিত্ৰ অভিনেতা অজিতৰ ৭৬ বছৰ বয়সত মৃত্যু।
▶️১৯৯৯ চনৰ এই দিনটোতেই প্ৰযোজক-পৰিচালক বি আৰ চোপ্ৰালৈ ১৯৯৮ চনৰ ‘দাদা চাহেব ফাল্কে’ বঁটা ঘোষণা।
▶️১৯৯৯ চনৰ এই দিনটোতেই ভাৰতত পাক টিভিৰ ওপৰত থকা নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰা হৈছিল।
▶️২০০১ চনৰ আজিৰ দিনটোতেই বিশ্ব জুনিয়ৰ হকীত ভাৰতৰ চূড়ান্ত খিতাপ অৰ্জন।।

 

You might also like
Leave A Reply

Your email address will not be published.