ব্ৰিটিছ প্ৰধান মন্ত্ৰী লিজ ট্ৰাছৰ পদত্যাগ!

ইণ্টাৰনেচনেল ডেস্ক:

ব্ৰিটিছ প্ৰধান মন্ত্ৰী লিজ ট্ৰাছৰ পদত্যাগ। মাত্ৰ ছয় সপ্তাহৰ কাৰ্যকালৰ পিছত বৃহস্পতিবাৰে পদত্যাগ কৰে ব্ৰিটিছ প্ৰধান মন্ত্ৰীগৰাকীয়ে। এক বিপৰ্যয়জনক আৰু দ্ৰুতগতিত ওলোটা অৰ্থনৈতিক পৰিকল্পনাৰ পিছত পাউণ্ডৰ মূল্য নিম্মগামী হোৱাৰ ফলত অনিবাৰ্য হৈ পৰে লিজ ট্ৰাছৰ চৰকাৰ পতন। উল্লেখ্য যে, মৃত্যুৰ মাত্ৰ কেইদিনমান আগতে ৬ ছেপ্টেম্বৰত দ্বিতীয় ৰাণী এলিজাবেথৰ দ্বাৰা আনুষ্ঠানিকভাৱে নিযুক্তি পোৱা লিজ ট্ৰাছ ব্ৰিটিছ ইতিহাসৰ আটাইতকৈ কম সময়ৰ বাবে কাৰ্যনিৰ্বাহ কৰা প্ৰধানমন্ত্ৰী । 

শাসকীয় কনজাৰ্ভেটিভ পাৰ্টিৰ পৰৱৰ্তী মুৰব্বী কোন হ’ব তাৰ কুছকাৱাজ ইতিমধ্যে আৰম্ভ হৈছে। আনহাতে বিৰোধী লেবাৰ পাৰ্টিয়ে তাৎক্ষণিকভাৱে নিৰ্বাচনৰ আহ্বান জনাইছে।।

You might also like
Leave A Reply

Your email address will not be published.