যোৱা ১৭ অক্টোবৰত অনুষ্ঠিত হৈ যায় কংগ্ৰেছৰ অধ্যক্ষ নিযুক্তিৰ ভোট গ্ৰহণ প্ৰক্ৰিয়া। নিযুক্তিত অৱৰ্ত্তীণ হয় কংগ্ৰেছৰ দুই শক্তিশালী নেতা, ক্ৰমে বৰ্ষীয়ান কংগ্ৰেছ নেতা মল্লিকাৰ্জুন খাৰ্গে আৰু বিশ্বস্ত ৰাজনীতিবিদ বুলি বিৰোধীৰ মাজত সমাদৃত শশী থাৰুৰ।
১৯ অক্টোবৰত দিয়া নিৰ্বাচনৰ ফলাফল অনুসৰি দুই জ্যেষ্ঠ নেতাৰ মাজত হোৱা উত্তেজনাপূৰ্ণ নিৰ্বাচনী যুঁজত শশী থাৰুৰে মাত্ৰ ১,০৭২ টা ভোট লাভ কৰাৰ বিপৰীতে মল্লিকাৰ্জুন খাৰ্গেই ৭,৮৯৭ টা ভোট লাভ কৰি ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হোৱাৰ সুযোগ লাভ কৰে।
নিৰ্বাচনী প্ৰক্ৰিয়াত জয় লাভ কৰি মল্লিকাৰ্জুন খাৰ্গেই সংবাদ মাধ্যমৰ আগত কয় যে – “ দীৰ্ঘদিন ধৰি কংগ্ৰেছে ভাৰতীয় গণতন্ত্ৰক ক্ৰমাগতভাবে শক্তিশালী কৰি তোলাত অৰিহণা যোগাই আহিছে। ”
লগতে মল্লিকাৰ্জুন খাৰ্গেই কংগ্ৰেছৰ কৰ্মী সকলক ধন্যবাদ জনাই কয় যে – “ যি সময়ত দেশৰ গণতন্ত্ৰ সংকটত আছে আৰু সংবিধানৰ ওপৰত আক্ৰমণ চলাই থকা হৈছে সেই সময়ত ৰাষ্ট্ৰীয় পৰ্যায়ত কংগ্ৰেছে নিৰ্বাচন অনুষ্ঠিত কৰি এক উচিত দৃষ্টান্তৰ নিদৰ্শন দাঙি ধৰিছে। ”
“ইয়াৰ লগতে মই মোৰ সতীৰ্থ শশী থাৰুৰলৈকো অভিনন্দন জ্ঞাপন কৰিছোঁ। আমি দুয়ো প্ৰতিনিধি হিচাপেহে প্ৰতিদ্বন্দিতা আগবঢ়াইছিলোঁ। তেওঁ যেতিয়া মোক লগ পায় তেতিয়াই আমি দলটোক কেনেদৰে আগুৱাই নিব লাগে সেয়া আলোচনা কৰোঁ। ” – শেষত খাৰ্গেই প্ৰতিদ্বন্দী শশী থাৰুৰক উদ্দেশ্যি এই বুলি কয়।
আনহাতে দীৰ্ঘদিন ধৰি গান্ধী পৰিয়ালৰ হাতত কেন্দ্ৰীভূত হৈ থকা কংগ্ৰেছ দলৰ নেতৃত্বৰ বাবে বিভিন্ন সময়ত বিৰোধী তথা শুভাকাংক্ষীৰ পৰা পৰিয়ালকেন্দ্ৰিক ৰাজনীতি কৰা বুলি ককৰ্থনা আৰু সমালোচনাৰ সন্মুখীন হৈ আছিল দলটো। এইবাৰ সম্পূৰ্ণ ২৪ বছৰৰ পাছত হ’লেও দলৰ অধ্যক্ষ পদত আন এটা পৰিয়ালৰ বৰ্ষীয়ান নেতা অধিস্থিত হোৱাৰ বাবে তৃণমূল পৰ্যায়ৰ দলীয় কৰ্মী সকলেও নতুন আশা আৰু উদ্যম লাভ কৰা বুলি বিভিন্ন স্থানত চৰ্চা চলিছে ।
আকৌ বহুতে এই বুলি ক’ব খুজিছে যে কংগ্ৰেছ দল এতিয়াও গান্ধী পৰিয়ালৰ পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ বাহিৰত নহয়। মাত্ৰ বদনামৰ পৰা হাত সাৰি দলৰ বিধ্বস্ত ৰাজনৈতিক অৱস্থা আৰু দুৰ্বল গণভিত্তিক শক্তিশালী কৰিবৰ বাবেহে পৰিকল্পিতভাবে এজন ৮০ বছৰীয়া বৃদ্ধ নেতাক ভাৰতীয় জাতীয় কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ স্থানত বহুওৱা হৈছে।
আপুনি বাৰু জানেনে ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধ্যক্ষৰ পদ লাভ কৰা প্ৰথম তথা একমাত্ৰ ৰাজনীতিবিদজন কোন ? অসমৰ জনপ্ৰিয় কবি, লেখক তথা কবি নৱকান্ত বৰুৱাৰ ভাতৃ দেৱকান্ত বৰুৱা আছিল ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধ্যক্ষৰ পদ লাভ কৰা প্ৰথমজন অসমীয়া।