নাইজেৰিয়াত ভয়ংকৰ ৰক্তক্ষয়ী গোষ্ঠীগত সংঘৰ্ষ।

ইণ্টাৰনেচনেল ডেস্ক:

নাইজেৰিয়াত ভয়ংকৰ ৰক্তক্ষয়ী গোষ্ঠীগত সংঘৰ্ষ। নাইজেৰিয়াৰ মধ্য মালভূমি ৰাজ্যৰ মাংগু জিলাত সংঘটিত হৈছে এই সংঘৰ্ষ। ৰাজ্যখনৰ পশুপালক আৰু কৃষকৰ মাজত হোৱা সংঘৰ্ষত মৃত্যু হৈছে ৩০ জনতকৈ অধিক লোকৰ । পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ বাবে মাংগু জিলাত নিয়োগ কৰা হৈছে নিৰাপত্তাৰক্ষী বাহিনী। এই সংকট যাতে দেশখনৰ অন্য অঞ্চললৈ বিয়পি নাযায় তাৰ বাবে জাৰি কৰিছে ২৪ ঘণ্টীয়া সান্ধ্য আইন।

উল্লেখ্য যে, নাইজেৰিয়াৰ উত্তৰ-পশ্চিম আৰু মধ্য অংশত দীৰ্ঘদিন ধৰি পানী আৰু মাটিক লৈ কৃষক আৰু পশুপালকৰ মাজত উত্তেজনা আৰু সংঘৰ্ষ চলি আহিছে।।

You might also like
Leave A Reply

Your email address will not be published.