নিম্ন-উচ্চ প্ৰাথমিক শিক্ষক পদত নিযুক্তি ফলাফল ঘোষণা

নিম্ন প্ৰাথমিক আৰু মধ্য ইংৰাজী বিদ্যালয়ৰ ৪,৩৮০ টা শিক্ষক পদৰ ফলাফল

নিউজ ডেস্ক

মাজনিশা ঘোষণা কৰা হল নিম্ন প্ৰাথমিক আৰু মধ্য ইংৰাজী বিদ্যালয়ৰ ৪,৩৮০ টা শিক্ষক পদৰ ফলাফল । ডি ই ইৰ অফিচিয়েল ৱেবছাইট (https://dee.assam.gov.in/)ত প্ৰকাশ পালে ফলাফল সমূহ। ৪৩৮০টা শিক্ষক পদৰ ভিতৰত ৩,৮৮৭টা পদ নিম্ন প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষকৰ।আনহাতে ১,৪৪৩টা পদ সহকাৰী শিক্ষক আৰু মধ্য ইংৰাজী বিদ্যালয়ৰ বিজ্ঞান শিক্ষকৰ। ইফালে ৪৩৮০টা শিক্ষক পদৰ ভিতৰত ৩৮৮৭টা পদ নিম্ন প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষকৰ।বাকি ১৪৪৩টা পদ মধ্য ইংৰাজী বিদ্যালয়ৰ সহকাৰী শিক্ষক আৰু বিজ্ঞান শিক্ষকৰ। ডি ই ইৰ অফিচিয়েল ৱেবছাইটত শিক্ষকতা পদৰ ফলাফল জিলাভিত্তিত ঘোষণা কৰা হয়।

উল্লেখযোগ্য যে পূৰ্বঘোষিত পৰিকল্পনা অনুসৰি কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ উপস্থিতিত ১১ মে’ত নৱনিযুক্ত সকলক নিযুক্তিপত্ৰ প্ৰদানৰ কথা আছিল। কিন্তু মণিপুৰৰ সাম্প্ৰতিক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ২৬ মে’লৈ পিছুৱাই দিয়া হয় নিযুক্তিপত্ৰ প্ৰদান অনুষ্ঠান। অৱশ্যে নৱনিযুক্ত সকলে পূৰ্ব ঘোষণা অনুসৰি ১ জুনতেই চাকৰিত যোগদান কৰিব পাৰিব বুলি ইতিমধ্যে সদৰি কৰিছে মুখ্যমন্ত্ৰীয়ে।।

You might also like
Leave A Reply

Your email address will not be published.