পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানক গ্ৰেপ্তাৰ !

ইছলামাবাদ উচ্চ ন্যায়ালয়ৰ বাহিৰৰ পৰা গ্ৰেপ্তাৰ কৰা হয় ইমৰান খানক

ইন্টানেচনেল ডেস্ক :

গ্ৰেপ্তাৰ হ’ল পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খান। পাক ৰেঞ্জাৰ্ছে জিম্মাত লৈছে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক।ইছলামাবাদ উচ্চ ন্যায়ালয়ৰ বাহিৰৰ পৰা গ্ৰেপ্তাৰ কৰা হয় ইমৰান খানক।
তথ্য অনুসৰি, ভূমি কেলেংকাৰী সংক্ৰান্তীয় এটি গোচৰত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে। এই ঘটনাক কেন্দ্ৰ কৰি ইছলামাবাদ উচ্চ ন্যায়ালয়ৰ সন্মুখত তীব্ৰ উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হয় ।ফলত অতি গুৰুতৰ ভাৱে আহত হ’ব লগা হয় ইমৰান খানৰ অধিবক্তাগৰাকী। আল কাদিৰ ট্ৰাষ্টৰ এটা গোচৰত ইমৰান খানক গ্ৰেপ্তাৰ কৰা বুলি জানিব পৰা গৈছে। এই গোচৰটো এখন বিশ্ববিদ্যালয়ক কেন্দ্ৰ কৰি আছিল।
অভিযোগ মতে, ইমৰানে প্ৰধানমন্ত্ৰী হৈ থাকোঁতে এই বিশ্ববিদ্যালয়ক অবৈধভাৱে কোটি কোটি টকাৰ মাটি দিছিল।
ইমৰান খানৰ অধিবক্তাকো গ্ৰেপ্তাৰ কৰে পাকিস্তানৰ ৰেঞ্জাৰে।প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকীৰ গ্ৰেপ্তাৰৰ পাছতে তেওঁৰ অগনন সমৰ্থকে প্ৰতিবাদত উত্তাল কৰি তুলিছে ইছলামাবাদ।

You might also like
Leave A Reply

Your email address will not be published.