সাৱধান! হেকাৰে লাভ কৰিলে APDCLৰ স্মাৰ্ট মিটাৰৰ তথ্য!

নিউজ ডেস্কঃ

 

ৰ পৰা ৭ দিনলৈ বন্ধ হ’ব পাৰে বিদ্যুৎ সেৱা৷ কিয়নো হেকাৰে লাভ কৰিছে APDCLৰ সকলো তথ্য৷ APDCLৰ স্মাৰ্ট মিটাৰ সহজে হেক কৰিব পৰাৰ কথা প্ৰমাণ কৰিলে বঙাইগাঁৱৰ দুই চাইবাৰ এক্সপাৰ্টে৷
বঙাইগাঁৱৰ দুজন পেছাদাৰী চাইবাৰ বিশেষজ্ঞ ৰনি দাস আৰু আদিত্য সিঙে ৰাজ্য চৰকাৰৰ বহুচৰ্চিত বিপ্লৱ স্মাৰ্ট বিদ্যুৎ মিটাৰ হেক কৰাৰ অভিযোগ উত্থাপন কৰিছে৷

জানিব পৰা মতে APDCLৰ স্মাৰ্ট মিটাৰবোৰৰ বিভিন্ন কাৰিকৰী ত্ৰুটি সন্দৰ্ভত বিশেষজ্ঞ ৰনি দাস আৰু আদিত্য সিঙে পৰীক্ষা-নিৰীক্ষা চলাই এই কথা সদৰি কৰিছে যে APDCL ৰ স্মাৰ্ট মিটাৰে বিদ্যুতৰ বিল বৃদ্ধি কৰিব পাৰে। তদুপৰি প্ৰযুক্তি বিশেষজ্ঞ ৰনি দাসে স্মাৰ্ট মিটাৰবোৰৰ দুৰ্বলতাৰ কথাও প্ৰকাশ কৰিছে।।

You might also like
Leave A Reply

Your email address will not be published.