গুৱাহাটী: ম্যানমাৰৰ মধ্যাঞ্চলীয় ছাগাইং অঞ্চলত এটা বৌদ্ধ মঠত সামৰিক বাহিনীয়ে চলোৱা বিমান আক্ৰমণত কমেও ১৪ জন লোক নিহত হৈছে। নিহতসকলৰ ভিতৰত তিনিগৰাকী মহিলা আছে। আক্ৰমণত আন প্ৰায় ২০ জন লোক আহত হোৱা বুলি বিৰোধী সংগঠন আৰু স্থানীয় বাসিন্দাই জানিবলৈ দিছে।
শুকুৰবাৰে পুৱা মিয়াউং টাউনশ্বিপৰ স্বেল লে অ’ গাঁৱত এই আক্ৰমণ সংঘটিত হয়। স্থানীয় সূত্ৰৰ মতে, এখন যুদ্ধ বিমানে মঠটো লক্ষ্য কৰি দুটা বোমা নিক্ষেপ কৰে। সেই সময়ত মঠটোত সপ্তাহজোৰা বৌদ্ধ ধ্যান শিবিৰ চলি আছিল আৰু শতাধিক লোক সমবেত হৈছিল।
আক্ৰমণত মঠৰ চৌহদৰ লগতে সমীপৱৰ্তী এটা ঘৰো ক্ষতিগ্ৰস্ত হয়। নিহতসকলৰ ভিতৰত স্থানীয় বাসিন্দাৰ লগতে ধ্যান শিবিৰত অংশগ্ৰহণ কৰিবলৈ অহা লোকো আছিল বুলি বিৰোধী পক্ষই দাবী কৰিছে। ২০২১ চনৰ সামৰিক অভ্যুত্থানৰ পাছৰে পৰা ম্যানমাৰত সেনা আৰু বিৰোধী সশস্ত্ৰ গোটসমূহৰ মাজত সংঘাত অব্যাহত আছে।
