গুৱাহাটীঃ অসম-মেঘালয় সীমান্তত শেহতীয়াকৈ সৃষ্টি হোৱা উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ মাজতে দুয়োখন ৰাজ্যৰ প্ৰতিনিধিৰ মাজত শনিবাৰে কইনাধৰাস্থিত ৰাজ্যিক অতিথিশালাত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। অসমৰ তৰফৰ পৰা মন্ত্ৰী অতুল বৰাই আৰু মেঘালয়ৰ তৰফৰ পৰা উপ-মুখ্যমন্ত্ৰী এছ ধৰৰ নেতৃত্বত উচ্চস্তৰীয় প্ৰতিনিধি দলে বৈঠকত অংশগ্ৰহণ কৰে।
বৈঠকত ১৯ আগষ্টত শ্বিলঙত সংঘটিত ঘটনাক লৈ মেঘালয় চৰকাৰে দুখ প্ৰকাশ কৰে। ঘটনা সন্দৰ্ভত ১৫টা গোচৰ ৰুজু কৰাৰ লগতে সমগ্ৰ বিষয়টোৰ তদন্তৰ বাবে SIT গঠন কৰা হৈছে বুলি মেঘালয় চৰকাৰৰ প্ৰতিনিধিয়ে জানিবলৈ দিয়ে।
ইতিমধ্যে প্ৰায় ৩,০০০খন বাহন সুকলমে অসমলৈ ঘূৰি আহিছে। ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত খাচী ছাত্ৰ সন্থাৰ তিনিগৰাকী নেতাক গ্ৰেপ্তাৰ কৰা হৈছে। আনহাতে, মেঘালয় আৰক্ষীয়ে আৰু পাঁচগৰাকী দুষ্কৃতিকাৰীক চিনাক্ত কৰিছে। দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি মেঘালয় চৰকাৰে স্পষ্ট কৰি দিয়ে।
ক্ষতিগ্ৰস্ত বাহনৰ ক্ষতিপূৰণ মেঘালয় চৰকাৰে বহন কৰিব বুলিও বৈঠকত আশ্বাস দিয়া হয়। আহতসকলৰ চিকিৎসাৰ দায়িত্বও মেঘালয় চৰকাৰে গ্ৰহণ কৰিব। ইয়াৰ উপৰি মেঘালয়ত আৱদ্ধ হৈ থকা অসমৰ লোকসকলক উদ্ধাৰৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু পৰৱৰ্তী ৪৮ ঘণ্টাৰ ভিতৰত তেওঁলোকক উদ্ধাৰ কৰাৰ লক্ষ্য লোৱা হৈছে।
পৰ্যটক আৰু সাধাৰণ লোকৰ সুৰক্ষিত যাতায়ত নিশ্চিত কৰাৰ বাবে সকলো প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি মেঘালয় চৰকাৰে প্ৰতিশ্ৰুতি দিয়ে। পৰ্যটকসকলক সম্পূৰ্ণ নিৰাপত্তা প্ৰদান কৰা হ’ব বুলিও আশ্বাস দিয়া হয়।
মন্ত্ৰী অতুল বৰাই দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে পৰিস্থিতি শান্ত কৰাৰ বাবে গ্ৰহণ কৰা পদক্ষেপৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। লগতে আন্দোলনকাৰীসকলক পথ অৱৰোধ প্ৰত্যাহাৰ কৰি সাধাৰণ যাতায়ত ব্যৱস্থা স্বাভাৱিক কৰি তুলিবলৈ আহ্বান জনায়। মেঘালয়ৰ সৈতে অসমৰ সম্পৰ্ক অতি পুৰণি আৰু সুদীৰ্ঘ বুলি উল্লেখ কৰি তেওঁ শান্তি আৰু সম্প্ৰীতি অটুট ৰখাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
বৈঠকত জানিব পৰা মতে, মেঘালয়ৰ কণ্ট্ৰোল ৰূমলৈ ইতিমধ্যে প্ৰায় ৩৫০টা ফোনকল আহিছে। আৱদ্ধ লোকসকলৰ সহায়ৰ বাবে WhatsApp নম্বৰ 9181014888 আৰু লেণ্ডলাইন নম্বৰ 03612381511 মুকলি কৰি দিয়া হৈছে।
সীমান্তৱৰ্তী অঞ্চলত ভৱিষ্যতে এনে পৰিস্থিতিৰ সৃষ্টি হ’লে তাৎক্ষণিকভাৱে সমাধানৰ বাবে নংপু আৰু কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত, লগতে দুয়োখন জিলাৰ সমপৰ্যায়ৰ আৰক্ষী বিষয়াক লৈ এখন স্থায়ী জিলা পৰ্যায়ৰ যৌথ সমিতি গঠন কৰা হ’ব।
ইয়াৰ উপৰি দুয়োখন ৰাজ্যৰ পৰিবহণ বিভাগৰ সচিব আৰু আয়ুক্ত পৰ্যায়ৰ বিষয়া তথা পৰিবহণ সংস্থাসমূহৰ প্ৰতিনিধিক লৈ আন এখন যৌথ সমিতি গঠন কৰা হ’ব। এই সমিতিয়ে পৰ্যটক আৰু পৰ্যটনস্থলীসমূহৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে কাম কৰিব।
বৈঠকৰ অন্তত দুয়োখন ৰাজ্যৰ তৰফৰ পৰাই আন্দোলনকাৰীসকলক আন্দোলন আৰু পথ অৱৰোধ প্ৰত্যাহাৰ কৰি পৰিস্থিতি শান্ত কৰাৰ আহ্বান জনোৱা হয়। সীমান্তত শান্তি, সম্প্ৰীতি আৰু নিৰাপদ যাতায়ত পুনৰ নিশ্চিত কৰাই বৰ্তমান দুয়োখন চৰকাৰৰ মূল লক্ষ্য বুলি জানিবলৈ দিয়ে। এই আলোচনাই দুয়োখন ৰাজ্যৰ শেহতীয়া পৰিস্থিতিত কি ধৰণৰ পৰিৱৰ্তন আনে সেয়া লক্ষণীয় হ’ব।