বিজনীঃ বিজনীৰ বিধায়ক অৰূপ কুমাৰ দেৰ কনভয়ৰ সৈতে এখন স্কুটিৰ পথ দু/ৰ্ঘ/টনাক কেন্দ্ৰ কৰি অঞ্চলটোত উত্তেজনাৰ সৃষ্টি হৈছে। জানিব পৰা মতে, কিছু সময় পূৰ্বে চিকাঝোৰাৰ পৰা বিজনী অভিমুখে গৈ থকা বিধায়কগৰাকীৰ কনভয়ৰ সৈতে ঝাৰবিষপানী অঞ্চলত এখন স্কুটিৰ দুৰ্ঘটনা সংঘটিত হয়।
দু/ৰ্ঘ/টনাৰ পিছতে বিধায়কৰ সতীৰ্থ আৰু স্কুটি আৰোহীৰ মাজত তীব্ৰ বাক-বিতণ্ডাৰ সূত্ৰপাত হয়। পৰৱৰ্তী সময়ত পৰিস্থিতি উত্তপ্ত হৈ দুয়োপক্ষৰ মাজত প্ৰচণ্ড মাৰপিট সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে।
পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰাত বিধায়ক অৰূপ কুমাৰ দেৰ কনভয়ে ঘটনাস্থলীৰ পৰা আঁতৰি যায়।
ইয়াৰ পিছতে ক্ষুব্ধ স্কুটি আৰোহীয়ে কনভয়ৰ পিছফালে থকা বিধায়কৰ সতীৰ্থৰ এখন চাৰিচকীয়া বাহনত আক্ৰমণ চলোৱাৰ অভিযোগ উত্থাপন হৈছে। AS17E8543 নম্বৰৰ বাহনখনৰ সন্মুখৰ গ্লাছ ভাঙি পেলোৱাৰ অভিযোগ উত্থাপন হৈছে।
ঘটনাৰ খবৰ লাভ কৰাৰ পিছতে পাণবাৰী আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়। আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। দু/ৰ্ঘ/টনাৰ প্ৰকৃত কাৰণ, মাৰপিটৰ ঘটনা আৰু বাহনৰ গ্লাছ ভঙাৰ অভিযোগ সন্দৰ্ভত আৰক্ষীৰ তদন্তৰ পিছতহে সমগ্ৰ বিষয়টো স্পষ্ট হ’ব।
ইফালে, ঘটনাটোক কেন্দ্ৰ কৰি অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে। পৰিস্থিতি যাতে অধিক অৱনতি নঘটে, তাৰ বাবে আৰক্ষীয়ে ঘটনাটোৰ ওপৰত নজৰ ৰাখিছে।
